NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিজন যুৱক

Posted by: তন্ময় চক্ৰৱৰ্তী Updated by: তন্ময় চক্ৰৱৰ্তী October 3, 2020 2:07 pm

ত্ৰিপুৰা আৰক্ষীয়ে শুকুৰবাৰে নিশা ৰাজ্যখনৰ গোমতী জিলাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিগৰাকী যুৱকক আটক কৰে।

আটক হোৱা চাৰিওগৰাকী যুৱকৰে বয়স ২১ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত।

ত্ৰিপুৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আগৰতলাৰ শান্তিবজাৰ অঞ্চললৈ বগা বাহনত যোৱা অৱস্থাত যুৱক চাৰিজনক আটক কৰে।

বাগমা আৰক্ষীয়ে নিশা নাকা তালাচী চকীত বগা বাহনখনৰ অপেক্ষা কৰে আৰু যুৱক চাৰিজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বাহনখনত তালাচী চলাই ৩০০ টা সৰু সৰু পাত্ৰত ৰখা অৱস্থাত ব্ৰাউন চুগাৰ জব্দ কৰে। আৰক্ষীৰ লোকে জনোৱা অনুসৰি জব্দ হোৱা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ লাখ টকা হ’ব।

আটক হোৱা যুৱক চাৰিজন হ’ল ক্ৰমে- প্ৰীতম চাহা (২১), চুমন মজুমদাৰ (২৩),শ্বয়ন দেৱনাথ (২০) আৰু প্ৰদীপ সৰকাৰ (২১)।