NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথঘাটত নিৰ্মাণ হ’ব উত্তৰ অসমৰ প্ৰথমখন ৰোপ-ৱে : নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰস্তুতি তুংগত

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম October 3, 2020 7:04 pm
index.jpg

ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথঘাট। পৰ্যটন নগৰী হিচাপে জনাজাত এই গুপ্তকাশী বিশ্বনাথঘাটৰ আছে সুকীয়া পৰিচয়।

পৰ্যটন নগৰী হিচাপে গঢ় দিয়াত লগতে আন্তঃগাথঁনিৰ দিশত গুপ্তকাশী বিশ্বনাথঘাটক শক্তিশালী ৰূপে গঢ় দিয়াত বিভিন্নজনে বিভিন্ন সময়ত দাবী জনায় আহিছে।

আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনায় ইতিমধ্যে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ নেতৃত্বত কেইবাটাও উন্নয়নমূলক প্ৰকল্পই ইতিমধ্যে বিশ্বনাথঘাটক কিছু পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত চৰকাৰী বিভাগৰ তৰফৰ পৰা বিভিন্ন প্ৰকল্প হাতত লোৱা দেখা গৈছে।

বিগত সময়ছোৱাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গুপ্তকাশী বিশ্বনাথঘাটত উপস্থিত হৈ বিশ্বনাথঘাটৰ চণ্ডী মন্দিৰৰ পৰা উমাটুমণি দ্বীপ সংযোগী উত্তৰ অসমৰ প্ৰথমখন ৰোপ-ৱে নিৰ্মাণ কৰাৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰিছিল।

উল্লেখ যে যোৱা ২ অক্টোবৰ তাৰিখে এই সন্দৰ্ভত মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ কাৰ্যসূচী আছিল যদিও এই ভ্ৰমণ কাৰ্যসূচী স্থগিত কৰা হয়।

ইতিমধ্যে এই সন্দৰ্ভত তথা প্ৰায় ১০ কোটি টকাৰ ব্যয় সাপেক্ষে ৰোপ-ৱে নিৰ্মাণ কাৰ্য অতি সোনকালে আৰাম্ভ হ’ব বুলি আজি গুপ্তকাশী বিশ্বনাথঘাটত বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ অৱগত কৰে।

আজি বিধায়ক গৰাকী বিশ্বনাথঘাটত নিৰ্মাণ কাৰ্যৰ লগত জড়িত কেইবাজনো অভিযন্তা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট দাস, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াসহ কেইবাজনো বিভাগীয় বিষয়াৰ সৈতে বিশ্বনাথঘাটস্থিত বন বিভাগৰ চেন্ট্ৰেল ৰেঞ্জত গুৰুত্বপূৰ্ণ বৈঠক মিলিত হয়।

উক্ত বৈঠকত নিৰ্মাণ কাৰ্যৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম সন্দৰ্ভত আলোচনা কৰি ক্ষেত্ৰ অধ্যয়ন কৰে বিষয়াসকলে।

উল্লেখ্য যে, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আগন্তুক ডিচেম্বৰ মাহৰ শেষৰ ফালে “ৰোপ-ৱে” নিৰ্মাণৰ শিলান্যাস উদ্বোধন কৰিব বুলি জানিবলৈ দিয়ে।