NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰ এৰি চীনত ঘাটি স্থাপন কৰিছে আলফা স্বাধীনে! : বিশেষ ট্ৰিবুনেলৰ শপতনামাত এই দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 2:06 pm
90c76dd4fdc6916d10f0a08b12b87211c320d5bbd91f7e8ece5db28e90c3b911

শত্ৰু ৰাষ্ট্ৰৰূপে পৰগণিত চীনে ভাৰত বিৰোধী শক্তিক সহায় কৰি অহা বুলি সততে চৰ্চা হৈ থকাৰ সময়তে জিনপিং প্ৰশাসনে আলফা স্বাধীনক চীনত আশ্ৰয় দিছে।

আনকি আলফা স্বাধীনক ভাৰত বিৰোধী কাৰ্যকলাপ কৰিবলৈও সহযোগিতা আগবঢ়াইছে বুলি দাবী কৰিছে ভাৰতে।

গুৱাহাটীস্থিত বিশেষ ট্ৰিবুনেলে নতুন দিল্লীত দাখিল কৰা এক শপতনামাত এই দাবী কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টু ডে’-ৰ বাতৰি মতে পৰেশ বৰুৱা(অসম)ৰ নেতৃত্বাধীন আলফা স্বাধীনে ম্যানমাৰৰ পৰা সামৰিক শিবিৰ নি চীনৰ ইউনান প্ৰদেশত স্থাপন কৰিছে।

ইউনান প্ৰদেশৰ পৰাই আলফা স্বাধীনে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই অহা বুলিও দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে।

ইফালে এক অসমৰ্থিত সূত্ৰৰ মতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা(অসম) বৰ্তমান ম্যানমাৰ চীন সীমান্ত ৰুইলিত অৱস্থান কৰি আছে।

সূত্ৰটোৰ মতে ম্যানমাৰ সীমান্তৰ দক্ষিণ চীনৰ ৰুইলিৰ পৰা আলফা স্বাধীনক নিয়ন্ত্ৰণ কৰি আছে সেনাধ্যক্ষ পৰেশ বৰুৱা(অসমে)ই।

উল্লেখ্য যে ইমান দিনে আলফা স্বাধীনে ভাৰত ম্যানমাৰ সীমান্তত এনএছচিএন(খাপলাং)ৰ সহযোগত সামৰিক শিবিৰ স্থাপন কৰি তাৰ পৰাই সংগঠনটোক নিয়ন্ত্ৰণ কৰাৰ লগতে কাৰ্যকলাপ চলাই আহিছিল।