NORTHEAST NOW (Assamese)
অসম

অসমত ৭৫৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৭৬ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 9:58 pm
642 persons test Covid19 positive in Assam on Saturday

৭৫৬গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ১৩,১২৩টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.৭৬ শতাংশ। শনিবাৰে এই হাৰ আছিল ৪.৮৫ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২১১গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৮৬,২০০লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৪৯লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শনিবাৰলৈকে ৭৩৫গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৫০,৭৭৩গৰাকী ব্যক্তিয়ে শনিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।