NORTHEAST NOW (Assamese)
অসম

অনুৰাগীসকলক আচৰিত কৰি হঠাতে কিয় হাস্পাতলৰ পৰা ওলাই গৈছিল ডোনাল্ড ট্ৰাম্প?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 10:11 am
Donald Trump

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ হস্পাতলত চিকিৎসাধীন হৈ থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেওবাৰে অনুৰাগীসকলক আচৰিত কৰি তুলি হঠাতে হাস্পাতলৰ পৰা ওলাই যায়।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থ হৈ পৰাৰ বাতৰি শুনাৰ পাছতে বহু কৰ্মী তথা অনুৰাগী হাস্পাতলৰ সন্মুখত গোট খায়।

অনুৰাগীসকলক চমক দিয়াৰ বাবেই ট্ৰাম্পে এনেদৰে হাস্পাতলৰ পৰা ওলাই যোৱাৰ কথা প্ৰকাশ পাইছে বিবিচিৰ এক বাতৰিত।

বাতৰি অনুসৰি, চমক দিবলৈ যাত্ৰা কৰিব বুলি টুইটাৰত ঘোষণা কৰাৰ পাছতে হাস্পাতলৰ বাহিৰত মাস্ক পৰিহিত ট্ৰাম্পক গাড়ীৰ ভিতৰত দেখা যায়।

আমেৰিকাত কৰ’না সংহাৰ ৰোধৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগো উত্থাপিত হৈছে।

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত টুইট কৰি ট্ৰাম্পে কৈছে যে তেওঁ ভাইৰাছটো সম্পৰ্কে বহু কথা জানিব পাৰিছে আৰু সেয়া তেওঁ আনক জনাব বিচাৰিছে।

ইপিনে, হাস্পাতল কৰ্তৃপক্ষই কৰ’নাত আক্ৰান্ত ডোনাল্ড ট্ৰাম্পৰ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটা বুলি জানিব দিছে। তেওঁলোকে সোমবাৰৰ ভিতৰতেই ট্ৰাম্প হাস্পাতলৰ পৰা যাব পাৰিব বুলি আশা কৰিছে।