NORTHEAST NOW (Assamese)
অসম

তেজত ইনছ্যুলিনৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে ধনীয়া পাতে; আৰু আছে বহু গুণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 11:00 am
download-1-8

ধনীয়া পাতে কেবল ৰন্ধা খাদ্যক সোৱদযুক্ত কৰাই নহয়, ই লগতে একাধিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাতো সহায় কৰে।

সাধাৰণতে খৰালি বজাৰত উভৈনদী হৈ পৰা ধনীয়া পাতৰ মুঠিটো পাচলি বজাৰ কৰাৰ সময়ত কিনি অনাটো প্ৰায় অভ্যাসৰ দৰে হৈ পৰে। কিয়নো ৰান্ধনি ঘৰত ইয়াৰ চাহিদা অনস্বীকাৰ্য।

ধনীয়া পাতৰ কেইটামান স্বাস্থ্যজনিত গুণৰ বিষয়ে জানি থলে উপকৃত হ’ব আপুনি। চাওক সেইকেইটানো কি-

ক) লিভাৰ বা যকৃত সুস্থ ৰাখিবলৈ ধনীয়া পাত অতি উপকাৰী। নিয়মীয়াকৈ নিৰ্দিষ্ট পৰিমানে ধনীয়া পাত খাব পাৰিলে লিভাৰৰ বহু সমস্যা দূৰ হয়।

খ) দাঁত তথা দাঁতৰ মাৰি সুস্থ ৰাখিবলৈ ধনীয়া পাত বিশেষ কাৰ্যকৰী। ধনীয়া পাতে দাঁতৰ ফাঁকৰ মাজত বেক্টেৰিয়া জমা হোৱাত বাধা দি ইয়াক সুস্থ কৰি ৰখাত সহায় কৰে।

গ) ৰক্তহীনতা ৰোধ কৰাত ধনীয়া পাতত থকা আয়ৰণে সহায় কৰে।

ঘ) ধনীয়া পাতত এন্টিছেপ্টিক উপাদান থকাৰ বাবে ই শৰীৰৰ টক্সিন(বিষাক্ত পদাৰ্থ) দূৰ কৰাত সহায় কৰে। ইয়াৰ এন্টিফ্যাংগেল তথা এন্টিঅক্সিডেন্ট উপাদানসমূহ বিভিন্ন ছালৰ ৰোগৰ প্ৰৱণতা হ্ৰাস কৰাত সহায় কৰে।

ঙ) ধনীয়া পাতে তেজৰ ইনছ্যুলিনৰ ভাৰসাম্য বজাই ৰাখে তথা তেজত শৰ্কৰাৰ পৰিমানো নিয়ন্ত্ৰণত ৰাখে।

চ) ধনীয়া পাতে তেজত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।