NORTHEAST NOW (Assamese)
অসম

অসমৰ ঐতিহ্যক প্ৰতিফলিত কৰিব পৰা কফি টেবল বুক উন্মোচন ড’নাৰ মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 11:55 am
DoNER minister releases coffee table book Discovering the Heritage of Assam

কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে অসমৰ  ঐতিহ্য প্ৰতিফলিত কৰিব পৰাকৈ প্ৰস্তুত কৰা ‘Discovering the Heritage of Assam’ শীৰ্ষক এখন গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰে।

ভাৰতীয় ৰাজহ সেৱাৰ ২০০৯ চনৰ বিষয়া পদ্মপানি বৰাই লিখি উলিওৱা গ্ৰন্থ খন  উন্মোচন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে গ্ৰন্থ খনে অসমৰ বিষয়ে বহু নজনা কথা জনাত পাঠকক সহায় কৰিব।

কফি টেবল বুক খনত অসমৰ ঐতিহ্যবাহী পৰম্পৰা,বিশ্বাস,বিভিন্ন জনগোষ্ঠীৰ স্বকীয় আচাৰ-ৰীতি আদি সুন্দৰ ভাবে সামৰি লোৱা হৈছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক জীৱন তথা জনগোষ্ঠী আদিকৈল গ্ৰন্থ খনৰ লেখক পদ্মপানি বৰাই বহু দিনৰে পৰা অক্লান্ত ভাবে গৱেষণা তথা অধ্যয়ন চলাই গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সিঙে বৰাৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে এনে কাৰ্যই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক দেশৰ আন প্ৰান্ত সমূহৰ ওচৰ চপাই নিয়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।