NORTHEAST NOW (Assamese)
অসম

মিছৰত খোলা হ’ল ২,৫০০ বছৰ পুৰণি কফিন, কি ওলাল কফিনৰ ভিতৰত, চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 8:30 pm
a mami

এশ,দুশ ,পাঁচশ নহয়,২,৫০০ বছৰ পুৰণি এটা কফিন।

কোনো দিনে খোল নোখোৱা এই কফিন আজি খোলা হ’ল মিছৰত।

শেহতীয়াকৈ মিছৰৰ বিভিন্ন স্থানত খনন চলাই প্ৰথমে ১৩ টা আৰু পিছত ১৪ টা কফিন উদ্ধাৰ কৰা হৈছিল।

সেই কফিন সমূহৰ ভিতৰত মামী সংৰক্ষিত হৈ খকাৰ বিষয়ত মিছৰৰ প্ৰশাসন নিশ্চিত আছিল।

প্ৰায় ২,৫০০ বছৰ পূৰ্বে মিছৰৰ ফাৰাওসকলে মৃত ব্যক্তিৰ দেহ  বিশেষ ৰাসায়নিক পদাৰ্থ সানি সংৰক্ষণৰ দিহা কৰিছিল।

মিছৰৰ নীল নদীৰ পাৰত থকা পিৰামিড বোৰৰ ভিতৰত আজিও সংৰক্ষিত হৈ আছে তেনে বহু মামী।

আচৰিত কথাটো হ’ল এয়াই যে মামী সমূহ দেখিলে এনে লাগে যেন সেয়া কিছুসময় আগতে মৃত্যু ঘটা লোকৰহে যেন মৃতদেহ।

মিছৰত শেহতীয়াকৈ উদ্ধাৰ হোৱা কফিন সমূহৰ মাজৰে এটা আজি খোলা হয়। কফিন খোলাৰ  এই অনুষ্ঠানত উপস্থিত আছিল মিছৰত থকা নিউজিলেণ্ডৰ ৰাষ্ট্ৰদূত গৰাকী।

গ্ল’ৱেল টাইমছে দিয়া বাতৰি অনুসৰি নিউজিলেণ্ডৰ ৰাষ্ট্ৰদূতৰ সন্মুখতে খোলা হৈছিল সেই কফিন আৰু সেই বিৰল দৃশ্য কেমেৰাত আৱদ্ধ কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

কফিনটো খোলাৰ লগে লগে সকলোৰে চকু থৰ লাগি যায়।

২,৫০০ বছৰ আগতে মৃত্যু ঘটা লোকজনৰ মৃতদেহটো ইমানেই অক্ষত অৱস্থাত আছে যে  লোকজনে পৰম প্ৰশান্তিৰে শুই থকা যেনহে লাগে।

কফিনৰ ভিতৰত হাজাৰ হাজাৰ বছৰ ধৰি শুই থকা  মামী দেখি এতিয়া আচৰিত আৰু  অভিভূত হৈ পৰিছে সকলোৱে।