NORTHEAST NOW (Assamese)
অসম

সপ্তমৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চি বি এছ ইয়ে মুকলি কৰিলে গণিত বিষয়ৰ অনুশীলনৰ কিতাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 7:39 pm

চি বি এছ ইয়ে বুধবাৰে সপ্তম শ্ৰেণীৰ পৰা দশৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গণিতৰ অনুশীলনৰ কিতাপ মুকলি কৰিছে।

মূলত সপ্তমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ যৌগিক চিন্তা আৰু সমস্যা সমাধানৰ সক্ষমতা বৃদ্ধি কৰাৰ বাবেই গণিতৰ অনুশীলনৰ কিতাপ মুকলি কৰা বুলি উল্লেখ কৰে।

”সপ্তমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰীক্ষাত সন্মুখিন হোৱা গণিত বিষয়ৰ সমস্যাৰ সমাধান আৰু বাস্তৱ জীৱনত মুখামুখি হোৱা সমস্যাৰ সমাধানৰ বাবেই চি বি এছ ইয়ে এই গণিত বিষয়ৰ অনুশীলনৰ কিতাপখন মুকলি কৰিছে,” চি বি এছ ইয়ে এইদৰে কয়।

এই কিতাপখন চি বি এছ ইৰ ৱেবচাইট ডিক্সা প্লেটফৰ্মত উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতত শিক্ষা খণ্ড ব্যপক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হৈছে।

ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘদিন ধৰি ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰভাৱৰ বাবে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।