NORTHEAST NOW (Assamese)
অসম

ঘৰৰে ল’ৰা জীতেন! খাল খান্দি ঘঁৰিয়াল চপাব বিচৰা নাই আলফাৰ কেন্দ্ৰীয় নেতৃত্বই!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 8, 2020 8:01 pm
jiten

খাল খান্দি ঘৰিয়াল চপাব বিচৰা নাই সংযুক্ত মুক্তি বাহিনী অসমৰ কেন্দ্ৰীয় নেতৃত্বই।

সেয়েহে এঘন্টা পূৰ্বে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি সাময়িকভাৱে বাতিল কৰিছে আলফাৰ কেন্দ্ৰীয় নেতৃত্বই।

আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী, যিগৰাকীয়ে জীতেন দত্তক আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া বুলি স্বাক্ষৰ সম্বলিত প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছিল সেইগৰাকীয়ে এঘন্টাৰ পাছতে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ‘আজি প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিটো সাময়িকভাৱে বাতিল কৰা হৈছে।‘

আলফা নেতাৰ এনেবোৰ কাণ্ডৰ পৰাই যেন স্পষ্ট হৈ পৰিছে যে ‘খাল খান্দি ঘঁৰিয়াল চপাব খোজা নাই আলফাৰ কেন্দ্ৰীয় নেতৃত্বই’।

এক সুত্ৰই জনোৱা মতে আলোচনাপন্থী আলফা নেতা জীতেন দত্তক বহিস্কাৰ কৰিলে হয়তো তেওঁ অন্য নেতৃত্বৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত ভয়ংকৰ বিস্ফোৰণ ঘটাব পাৰে বা মুখা খুলিব পাৰে। সেয়েহে তেওঁলোকে পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত উঠাই লোৱা বুলি সুত্ৰত প্ৰকাশ পাইছে।

Bigyopti 2nd
সিদ্ধান্ত বাতিলৰ বিজ্ঞপ্তিখন।

অৱশ্যে, বিজ্ঞপ্তিটোত কিয় জীতেন দত্ত আৰু জোন ভুঞাক পদত্যাগৰ সিদ্ধান্ত বাতিল কৰা হৈছে সেই কথা দৈমাৰীয়ে উল্লেখ কৰা নাই।

কিছু সময় পূৰ্বে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিটোত স্পষ্টকৈ উল্লেখ কৰিছিল যে বিভিন্ন প্ৰচাৰ মাধ্যমত জীতেন দত্ত সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ সংক্ৰান্তত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ পোৱাৰ পাছতো তেওঁ পলায়নবাদী মনোভাব গ্ৰহণ কৰি ৰাজহুৱা সভাত অনুপস্থিত থকা, দলীয় শৃংখলা ভংগ কৰি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল মন্তব্য কৰা, নিজৰ সকলো ভুলৰ বাবে সামাজিক মাধ্যমত ফোনযোগে স্বীকাৰোক্ত প্ৰদান কৰাৰ বাবেই তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিল কৰা হৈছে।

Bigyopti 2nd
জিতেন দত্তক বহিস্কাৰৰ সিদ্ধান্ত সম্পৰ্কীয় বিজ্ঞপ্তিটো।

কিন্তু হঠাৎ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত কেনেকৈ মুহূৰ্ততে সলনি হ’ল সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত।

উল্লেখযোগ্য যে, আলফা নেতা জীতেন দত্তৰ বিৰুদ্ধে সতীৰ্থ হত্যা, নাৰী নিৰ্যাতন, ক’লা ব্যৱসায় ইত্যাদিৰ লগত জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

বিপ্লৱজ্যোতি মহন নামধাৰী এক ফেইচবুক একাউন্টৰ পৰা ধাৰাবাহিকভাৱে এই অভিযোগসমূহ আনিছিল।

তাৰ পাছতে এই সন্দৰ্ভত যোৱা ৪ অক্টোবৰত কাকপথাৰত অনুষ্ঠিত হৈছিল এক ৰাইজমেল।

সেই ৰাইজমেলত ৰহস্যজনকভাৱে উপস্থিত নাছিল আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। সেয়েহে উক্ত ৰাইজমেলতে উত্থাপন হৈছিল জীতেন দত্তক সামাজিকভাবে বৰ্জনৰ দাবী।