NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত পুনৰ ৭ গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 2:00 pm
COVID19-virus-1-750x375

যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত পুনৰ ৭ গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। ৰাজ্যিক স্বাস্থ্য বিভাগে এই কথা জানিবলৈ দিয়ে।

দেশজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত এইপৰ্যন্ত ত্ৰিপুৰাত ৩০৮ গৰাকী লোকৰ মৃত্যু হৈছে।

ৰাজ্যখনত যোৱা ৭ অক্টোবৰলৈকে মৃত্যুৰ হাৰ ১.০৯ শতাংশ আছিল যদিও বৃহস্পতিবাৰৰ দিনটোত ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ পিছত মৃত্যুৰ হাৰ ১.১১ শতাংশলৈ বৃদ্ধি পায়।

উল্লেখ্য যে ৰাজ্যখনত প্ৰথমজন ক’ৰ’না আক্ৰান্তৰ মৃত্যু হৈছিল যোৱা ৮ জুনত।

চলিত মাহত ক’ভিডৰ ফলত ২৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ২১৪ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে।

২,০৫৯ গৰাকী লোকক টেষ্ট কৰাৰ অন্তত ২১৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জনায়।

উল্লেখ্য যে এই পৰ্যন্ত ত্ৰিপুৰাত ২৭,৭৫৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৩,৪৫১ গৰাকী লোক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,৯৭৪ গৰাকী।

জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা জিলাত ঘৰে ঘৰে ক’ৰ’না টেষ্টৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।