NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় নেতৃত্বৰ স্ব-বিৰোধী স্থিতিৰ মাজতে আলফাৰ পৰা পুনৰ বহিস্কাৰ জীতেন দত্তক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 9, 2020 6:04 pm
Jiten-Dutta

আলফা নেতা জীতেন দত্তৰ বিৰুদ্ধে উত্থাপিত সতীৰ্থ হত্যা, নাৰী নিৰ্যাতন, ক’লা ব্যৱসায় ইত্যাদিৰ লগত জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

বিপ্লৱজ্যোতি মহনৰ নামত থকা  এক ফেইচবুক একাউন্টৰ পৰা ধাৰাবাহিকভাৱে এই অভিযোগসমূহ আনিছিল।

তাৰ পাছতে এই সন্দৰ্ভত যোৱা ৪ অক্টোবৰত কাকপথাৰত অনুষ্ঠিত হৈছিল এক ৰাইজমেল।

Bigyopti-2nd-750x796

সেই ৰাইজমেলত ৰহস্যজনকভাৱে উপস্থিত নাছিল আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। সেয়েহে উক্ত ৰাইজমেলতে উত্থাপন হৈছিল জীতেন দত্তক সামাজিকভাবে বৰ্জনৰ দাবী।

Bigyopti-1st-360x504

আলফাৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালে অনুষ্ঠিত কৰিছিল এই ৰাইজমেল।

ইয়াৰ পাছতেই জীতেন দত্তক আলফাৰ প্ৰাথমিক সদস্য পদ তথা বিষয়বাবৰ পৰা বহিস্কাৰৰ কৰিছে আলফাৰ কেন্দ্ৰীয় নেতৃত্বই।

 

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক বৈঠকত কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিয়ে তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

bigyopti 3

অৱশ্যে, দত্তক বহিস্কাৰ কৰাৰ পাছতে পুনৰ সংবাদ মাধ্যমলৈ বিজ্ঞপ্তি পঠিয়াই সেই বিজ্ঞপ্তি সময়িকভাৱে বাতিল কৰিছিল কেন্দ্ৰীয় নেতৃত্বই।

আজি পুনৰবাৰ প্ৰেৰণ কৰা বিজ্ঞপ্তিৰ জৰিয়তে জীতেন দত্তক বহিস্কাৰ কৰে কেন্দ্ৰীয় নেতৃত্বই।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে কয় ‘বিভিন্ন প্ৰচাৰ মাধ্যমত জীতেন দত্ত সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ সংক্ৰান্তত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ পোৱাৰ পাছতো তেওঁ পলায়নবাদী মনোভাব গ্ৰহণ কৰি ৰাজহুৱা সভাত অনুপস্থিত থকা, দলীয় শৃংখলা ভংগ কৰি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল মন্তব্য কৰা, নিজৰ সকলো ভুলৰ বাবে সামাজিক মাধ্যমত ফোনযোগে স্বীকাৰোক্ত প্ৰদান কৰাৰ বাবেই তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিল কৰা হৈছে।‘

 

 

ইয়াৰোপৰি, কালিৰ সেই বৈঠকতে জোন ভুঞাৰো প্ৰাথমিক সদস্য পদ বাতিল কৰি দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰে।