NORTHEAST NOW (Assamese)
Popular Stories

২১ৰ নিৰ্বাচনত বলিব ধুমুহা! : মিত্ৰতাৰ দোলেৰে একত্ৰিত হ’ব AJP-ৰাইজৰ দল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 10, 2020 7:20 pm
119682876_106905227831628_189723615465433015_n

কা বিৰোধী সংগ্ৰামৰ যোগেদি বিজেপিক ভেটা দিবলৈ ৰাজ্যত দুটাকৈ নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ অসমৰ ৰাজনীতিত ইতিমধ্যে ভূমিষ্ঠ হৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজ্যত ৰাইজৰ দল নামৰ আঞ্চলিক ৰাজনৈতিক দল দুটা ভূমিষ্ঠ হৈছে।

আঞ্চলিকতাবাদত বিশ্বাসী সকলো ৰাইজে এই দুয়োটা নৱ গঠিত আঞ্চলিক দলক ঐক্যৱদ্ধ হৈ ২০২১ৰ অসম বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিচাৰিছিল।

ৰাইজৰ অভিমত আছিল যে বিজেপিক পৰাভূত কৰিবলৈ হ’লে এই দুয়োটা নৱ গঠিত আঞ্চলিক শক্তি ঐক্যৱদ্ধ হোৱাটো অতিকে প্ৰয়োজন।

ৰাইজৰ এই ৰাজনৈতিক দাবী এতিয়া সাকাৰ হোৱাৰ পথত!

নৱ গঠিত দুয়োটা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ২০২১ত একেলগে নিৰ্বাচন খেলিব।

অসম জাতীয় পৰিষদৰ আহ্বায়ক জগদীশ ভূঞাই আজি এই কথা সংবাদ মাধ্যমৰ আগত জনায়।

২০২১ৰ নিৰ্বাচনত দুয়োটা দলৰ ভিতৰত বুজা পৰাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় “এটা সমষ্টিত এজনহে প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হব।”

ইপিনে, অহা নৱেম্বৰ মাহৰ ভিতৰতহে মিত্ৰতাৰ ৰূপৰেখা প্ৰস্তুত হ’ব বুলি ভূঞাই জনায়।

উল্লেখযোগ্য যে, ৰাইজৰ দলৰ নেতৃত্বই AJPৰ নেতৃত্বক একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বাৰেপতি আহ্বান জনায় আহিছিল।

যদি দুয়োটা দল একত্ৰিত হয় তেন্তে নিশ্চয়কৈ ২১ৰ ৰাজনীতিত ধুমুহা অহাৰ পূৰ্ণ সম্ভাৱনা আছে।