NORTHEAST NOW (Assamese)
অসম

২০০ ক’ৰ’ণা ৰোগীক সহায় কৰি নিজে মৃত্যুক সাৱটিলে এম্বুলেন্সৰ চালকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2020 12:07 pm
ambulance

মহাব্যাধি ক’ৰ’ণাৰ সৈতে চৰকাৰ আৰু জনতাই সাহসেৰে যুঁজ দি গৈছে।

ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া সকলৰ ভিতৰত এম্বুলেন্সৰ চালকসকলো অন্যতম।

কোনো এজন লোক ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি খবৰ পোৱাৰ পিছতে তেনে ৰোগীক প্ৰথমে এম্বুলেন্স চালক সকলেই চিকিৎসালয়লৈ আনিব লাগে।

ক’ৰ’ণা ৰোগীৰ সেৱাতেই জীৱন পাত কৰা এগৰাকী সাহসী ক’ৰ’ণা যোদ্ধা হৈছে আৰিফ খান।

এম্বুলেন্স চালক আৰিফ খানে ২০০ৰো অধিক ক’ৰ’ণা ৰোগীক নিজে চলোৱা এম্বুলেন্সেৰে চিকিৎসালয়লৈ নি সেৱা আগবঢ়োৱো আৰিফৰ মৃত্যু হ’ল ক’ৰ’ণাতে নতুন দিল্লীৰ ছিলামপুৰৰ বাসিন্দা আৰিফ খানে বিগত প্ৰায় ৬ মাহ ধৰি কৰ্তব্যৰ খাতিৰতে ঘৰলৈ যাব পৰা নাছিল।

নিজৰ একমাত্ৰ পুত্ৰ  আৰু পত্নীৰ মুখ দীৰ্ঘ দিন ধৰি নেদেখাকৈয়ে এম্বুলেন্স চালক আৰিফ খানে শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ’ল।

যোৱা ২ অক্টোৱৰত আৰিফ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ হিন্দু ৰাও চিকিৎসালয়ত।

চিকিৎসাধীন অৱস্থাতে যোৱা নিশা তেওঁৰ মৃত্যু ঘটে।

আৰিফৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁৰ পত্নী  আৰু পুত্ৰই মৃতদেহ চাবলৈ লৱৰি আহে যদিও কোভিড প্ৰটোকলৰ বাবে তেওঁলোকে আৰিফৰ মৃতদেহ দূৰৰ পৰাহে প্ৰত্যক্ষ কৰাৰ অনুমতি পায়।

ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আৰিফৰ মৃত্যুত এতিয়া দিনতে আন্ধাৰ দেখিছে আৰিফৰ পৰিয়ালটোৱে।

এটা বেচৰকাৰী সেৱা প্ৰতিষ্ঠানৰ এম্বুলেন্স চলোৱা আৰিফে চৰকাৰৰ পৰা কিবা সাহায্য পাবনে নে নাই তাতো সন্দেহ আছে।