NORTHEAST NOW (Assamese)
অসম

১লাখতকৈয়ো অধিক লোকৰ হাতত সম্পত্তিৰ কাৰ্ড তুলি দিলে মোডী চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2020 1:01 pm
index-1.jpgaaa-1-750x375

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে দেওবাৰেই স্বামিত্ব আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰায় ১লাখ লোকক সম্পত্তি কাৰ্ড তুলি দিবলৈ আগবাঢ়িছে চৰকাৰে।

দেশৰ ছয়খন ৰাজ্যৰ ১লাখ লোকক এছএমএছ লিংক প্ৰেৰণ কৰা হ’ব। এই লিংকৰ জৰিয়তে তেওঁলোকে সম্পত্তি কাৰ্ড ডাউনলোড কৰিব পাৰিব।

এই সম্পত্তি কাৰ্ডৰ জৰিয়তে ভিতৰুৱা গাঁৱসমূহলৈ পৰিৱৰ্তন আনিব বিচৰা হৈছে। প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে গ্ৰাম্য ভাৰতৰ বাবে ইয়াক এক বিশেষ পৰিৱৰ্তনৰ উদ্যোগ হিচাপে উল্লেখ কৰিছে।

এই আঁচনিৰ অধীনত বৰ্তমান উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু কৰ্ণাটক এই ছয়খন  ৰাজ্যক সামৰি লোৱা হৈছে।

উত্তৰ প্ৰদেশৰ ৩৪৬খন গাওঁ, হাৰিয়ানাৰ ২২১খন গাওঁ, মহাৰাষ্ট্ৰৰ ১০০খন গাঁও, মধ্য প্ৰদেশৰ ৪৪খন, উত্তৰাখণ্ডৰ ৫০খন গাঁও আৰু কৰ্ণাটকৰ ২খন গাঁৱৰ বাসিন্দালৈ এই কাৰ্ড আগবঢ়োৱা হ’ব।

কেন্দ্ৰই জানিবলৈ দিছে যে অহা ২০২৪চনৰ ভিতৰত সমগ্ৰ দেশৰ ৬.৬২ লাখ গাঁওলৈ এই সুবিধা আগবঢ়োৱা হ’ব।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, মহাৰাষ্ট্ৰৰ বাহিৰে আন ৰাজ্যকেইখনৰ গাঁওবাসীয়ে এদিনৰ ভিতৰতে তেওঁলোকৰ সম্পত্তিৰ কাৰ্ড পাই যাব। মহাৰাষ্ট্ৰত এই কাৰ্ড পোৱাত কিছু বিলম্ব হ’ব।

এই কাৰ্ড লাভ কৰাৰ পাছত গাঁওৰ মাটি তথা সম্পত্তিৰ মালিকী স্বত্ত্বক লৈ আৰু কোনো বেমেজালি নাথাকিব। ড্ৰোণৰ জৰিয়তে গাওঁবাসীৰ মাটি মেপিং কৰা হ’ব। জিপিএছ মেপিঙত সম্পত্তিৰ খতিয়ান প্ৰস্তুত কৰা হ’ব বুলি কোৱা হৈছে।

দেওবাৰে ১১বজাৰ পৰা এই আঁচনি আৰম্ভ হৈছে। প্ৰধান মন্ত্ৰীয়ে জানিবলৈ দিয়ে যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যত এইটো প্ৰথম পদক্ষেপ।