NORTHEAST NOW (Assamese)
অসম

শৰীৰৰ ওজন কমাই ফিট হৈ থাকিবলৈ খাওক এই ৫বিধ পাচলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2020 2:09 pm
Vegetables-For-Weight-Loss-1280x720

শৰীৰৰ অতিৰিক্ত ওজনেই হৈছে বিভিন্ন ৰোগৰ কাৰণ। সেয়েহে ওজন কমোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু নিয়ম মানি চলাটো প্ৰয়োজন।

স্বাস্থ্য বিধি মানি চলিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী। সেইদৰে, স্বাস্থ্য অটুট ৰাখি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ শাক-পাচলিৰ ওপৰত গুৰুত্ব দিব লাগে।

শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী ৫বিধ পাচলিৰ বিষয়ে জানো আহক।

পালেংশাকঃ সেউজীয়া এই পাচলিত বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমানে আইৰন,পটাছিয়াম আৰু ফাইবাৰ থাকে। পালেংশাকত কেল’ৰিৰ পৰিমান অত্যন্ত কম।

পালেংশাক কেবল ওজন কমোৱাতে নহয়, ই লগতে টাইপ-২ডায়েবেটিছ, হাৰ্টৰ ৰোগ আৰু যিকোনো কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

ব্ৰুকলিঃ  ব্ৰুকলি হৈছে পুষ্টিৰ অফুৰন্ত শক্তিৰ উৎস। ইয়াত প্ৰচুৰ কেলছিয়াম, ভিটামিন-চি, ভিটামিন-কে আৰু আইৰন থাকে। ব্ৰুকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বিপৰীতে কেল’ৰি যথেষ্ট কম। সেয়ে, ওজন কমোৱাত ই বিশেষভাৱে সহায় কৰে।

কেপছিকামঃ কেপছিকামত ভিটামিন-চি, ডায়েট্ৰি ফাইবাৰ, ভিটামিন-ই, বি-৬ৰে সমৃদ্ধ আৰু ই ফলিক যুক্ত। এই পাচলিত পানীৰ পৰিমানো বেছি থাকে। কেপছিকামে শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰাৰ লগতেএ ওজন কমোৱাত সহায় কৰে।

বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট লাইক’পিন থাকে। বিলাহীয়ে ওজন কমোৱাত সহায় কৰে। লগতে নিয়মীয়াকৈ বিলাহী খালে বহু ক্ৰনিক ৰোগৰ পৰা মুক্তি পোৱা যায়। তৰকাৰী বা চালাদ যিধৰণেই খাওক ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

মিঠা আলুঃ দুটা আহাৰৰ মাজত সাধাৰণ কিবা খাবলৈ হ’লে আলু খোৱাটো উপকাৰী। মিঠা আলুত প্ৰচুৰ পৰিমানে ফাইবাৰ থাকে। ই ছালৰ বাবেও উপকাৰী। আলুৰ সলনিও মিঠা আলু খাব পাৰে।