NORTHEAST NOW (Assamese)
অসম

লাডাখ সংকট: আজি ভাৰতৰে হ’বলগীয়া আলোচনাত প্ৰথমবাৰৰ বাবে উপস্থিত থাকিব চীনৰ মন্ত্ৰ্যালয়ৰ বিষয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 8:58 am
a lada

ইখনৰ পিছত সিখন আলোচনা অনুষ্ঠিত কৰাৰ পিছতো চীন-ভাৰত সংঘাতকলৈ লাডাখত এতিয়াও বৰফ গলা  নাই ।

আজি পুনৰ দুয়ো খন দেশৰ মাজত একেটা বিষয়ৰে আশু সমাধান সূত্ৰ বিচাৰি অনুষ্ঠিত হ’ব সপ্তমলানি আলোচনা।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আজিৰ আলোচনাত প্ৰথমবাৰৰ বাবে উপস্থিত থাকিব চীনৰ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিষয়া।

পূৰ্বৰ ছয় লানি আলোচনাত চীনৰ কেৱল  সামৰিক পৰ্যায়ৰ বিষয়াহে উপস্থিত আছিল।

১০ ছেপ্তেম্বৰত ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িয়ে লাডাখ সংকট দূৰ কৰাৰ বাবে আলোচনা কৰিছিল যদিও সেই আলোচনাই কোনো ফল ধৰা নাছিল।

একেদৰে ২১ ছেপ্তেম্বৰত চীন-ভাৰতৰ মাজত অনুষ্ঠিত ষষ্ঠ লানি আলোচনাত ভাৰতৰ পূব এছিয়াৰ দায়িত্বত থকা যুটীয়া সচিব নবীন শ্ৰীবাস্তৱে অংশগ্ৰহণ কৰিছিল।

আজি অনুষ্ঠিত হ’বলগীয়া আলোচনাত চীনৰ মন্ত্ৰ্যালয়ৰ বিষয়া উপস্থিত থাকিবলগীয়ালৈ চাই আলোচনাই নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য ইতিমধ্যে লাডাখত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিবেশ স্বাভাৱিক কৰাৰ বাবে চীনৰ সৈতে ভাৰতৰ ছয় লানি আলোচনা অনুষ্ঠিত হৈ গৈছে যদিও সেই আলোচনাত গৃহীত কোনো প্ৰস্তাৱেই চীনে কাৰ্যকৰী কৰা নাই।

ইয়াৰ মাজতে ১২ অক্টোৱৰ অৰ্থাৎ  আজিৰ দিনটো ভাৰতৰ বাবেও গুৰুত্বপূৰ্ণ দিন হৈ পৰিছে।

কিয়নো সেই দিনটোত ভাৰতে এগৰাকী নতুন সেনা বিষয়াৰ নেতৃত্বত চীনৰ সৈতে সপ্তম লানি আলোচনাত মিলিত হ’ব।

বিগত ছয় লানি আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে।

কিন্তু সপ্তম লানি আলোচনাত হৰিন্দৰ সিঙৰ ঠাইত দায়িত্ব গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল পিজিকে মেননে।

নতুন সেনা বিষয়া গৰাকীয়ে আলোচনাক কি দিশেৰে লৈ যায় সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনে এতিয়ালৈকে দেশৰ  ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে।
লোকসভাৰ মজিয়াত এই তথ্য সদৰী কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ৰাজনাথ সিঙে কৈছিল যে দেশৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত চীনে ৩৬ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰি ৰখাৰ লগতে চাইনো-পাকিস্তান অঞ্চলৰ ৯ হাজাৰ ১৫০ বৰ্গ কিলোমিটাৰ অঞ্চল পাকিস্তানে চীনৰ হাতত তুলি দিছে।

এই অঞ্চলটো ভাৰতৰে যদিও দ্বিপাক্ষিক বিবাদৰ বাবে উক্ত অঞ্চলটোত পাকিস্তানে বলপূৰ্বক  নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিছে।