NORTHEAST NOW (Assamese)
অসম

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বাঘিনীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 28, 2017 11:09 am

আজি পুৱা শোণিতপুৰ জিলাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত এজনী প্ৰকাণ্ড মাইকী ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্যানখনৰ ভিতৰৰ জীয়াভৰলী নদীৰ পাৰত বাঘজনীৰ মৃতদেহটো পোৱা গৈছে। বন বিভাগৰ লোকে বাৰ্ধক্যজনিত কাৰণতে বাঘজনীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰতে দাহ কাৰ্য্য সমাপন কৰে।