NORTHEAST NOW (Assamese)
অসম

ভুৱা, মানহানিকৰ বাতৰিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ বলীউদৰ তাৰকা বাহিনী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 9:54 am
Bollywood-brigad

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে যেন শ্ৰীহীন হৈ পৰিছে বলীউদ জগত। বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ একাধিক বাতৰি প্ৰকাশ পাই আহিছে।

নিত্য নতুন এনে বাতৰিয়ে সংবাদ মাধ্যম উত্তাল কৰি ৰখাৰ পাছত এইবাৰ ইয়াৰ বিৰুদ্ধে ককাঁলত টঙালি বান্ধি প্ৰতিবাদ সাৱ্যস্ত কৰিছে বলীউদৰ তাৰকা-মহাতাৰকাসকলে।

ভুৱা, মানহানিকাৰক বাতৰি পৰিৱেশন কৰাৰ বাবে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে বলীউদৰ মুঠ ৩৪গৰাকী প্ৰযোজক আৰু বলীউদৰ মুখ্য  চাৰিটা সংগঠন আদালতৰ দ্বাৰস্থ হৈছে।

বাতৰি অনুসৰি, ৰিপাব্লিক টিভি, অৰ্ণব গোস্বামী, প্ৰদীপ ভাণ্ডাৰী, টাইমছ নাও, ৰাহুল শিৱশংকৰ, নভিকা কুমাৰ আৰু একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে বলীউদৰ সন্দৰ্ভত ভুৱা, মানহানিকাৰক বাতৰি তথা কুৎসা ৰটনা কৰাৰ অভিযোগ অনা হৈছে।

শ্বাহৰুখ খান, আমিৰ খান, অক্ষয় কুমাৰ, অজয় দেবগন, আদিত্য চোপ্ৰা, কৰণ জোহৰ, ৰোহিত ছেট্টি, চাজিদ নাদিৱালাৰ দৰে বলীউদৰ আগশাৰীৰ অভিনেতা আৰু প্ৰযোজক এই অভিযানত চামিল হৈছে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় তিনিমাহৰ পাছত বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কক লৈ অভিনেতা অক্ষয় কুমাৰে মুখ খুলিছিল।

এটা ভিডিঅ’ প’ষ্টৰ যোগেদি তেওঁ একাংশ লোকৰ বাবে গোটেই বলীউদক কাঠগড়াত নুতুলিবলৈ আবেদন জনাইছিল।

ইপিনে, অনুৰাগ কাশ্যপ আৰু পায়েল ঘোষ গোচৰত নিজৰ নাম জড়িত কৰাৰ বাবে ৰিচা চাড্ডাই মানহানিৰ গোচৰ তৰিছিল।

সেইদৰে এনচিবিৰ চমন লাভ কৰাৰ পূৰ্বে ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি ৰকুল প্ৰীত সিঙেও আদালতৰ দ্বাৰস্থ হৈছিল।

কিন্তু ব্যক্তিগত পৰ্যায়ত এইদৰে ভাগ ভাগ হৈ আদালতলৈ ঢাপলি মেলাৰ বিপৰীতে এইবাৰ সংঘবদ্ধভাৱে প্ৰতিবাদৰ দিশে আগবাঢ়িছে বলীউদৰ তাৰকা বাহিনী।