NORTHEAST NOW (Assamese)
অসম

দুটা জঘন্য ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাত! : এগৰাকী যুৱতীক ধৰ্ষণ আৰু স্বামীয়ে হত্যা কৰিলে পত্নীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 2:57 pm
aaaa

যোৱা ২৪ ঘন্টাত দুটা জঘন্য ঘটনাই জোকাৰি গৈছে ত্ৰিপুৰা। এফালে পত্নীক নৃসংশভাৱে হত্যা কৰিছে স্বামীয়ে আৰু আনফালে এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈছে।

প্ৰথমটো ঘটনাৰ বিৱৰণীৰ মতে ৰাজ্যখনৰ ঢালাই জিলাৰ চালেমত এজন ব্যক্তিয়ে নিজৰ পত্নীক হত্যা কৰিছে। সোমবাৰে মংগলচাৰী দেৱবাৰ্মাৰ(৩৭) ৰক্তাক্ত মৃতহেদটো উদ্ধাৰ কৰা হয় নিজ গৃহৰ শোৱনি কোঠাৰ বিচনাত।

মৃতা দেৱবাৰ্মাৰ সন্তানে জনোৱা অসুনৰি তেওঁলোকৰ মাতৃৰ ৰক্তাক্ত দেহটো কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত বিচনাতে প্ৰত্যক্ষ কৰে আৰু তেতিয়াও দেহৰ পৰা ৰক্তক্ষৰণ হৈ আছিল।

ততাতৈয়াকৈ মংগলচাৰী দেৱবাৰ্মাক ঢালাই জিলাৰ কুলাই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

গঞাই এই হত্যাকাণ্ডত মংগচাৰী দেৱবাৰ্মাৰ স্বামী বিদ্যাচৰণ দেৱবাৰ্মা জড়িত থকাৰ সন্দেহ কৰিছে।

নিশা আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত মৃতা দেৱবাৰ্মাৰ স্বামী বিদ্যাচৰণ দেৱবাৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

গঞাৰ অভিযোগ যে স্বামীয়ে অত্যধিক মদ্যপান কৰাৰ বাবে প্ৰতি নিশাই মংগচাৰী দেৱবাৰ্মা আৰু স্বামী বিদ্যাচৰণ দেৱবাৰ্মাৰ মাজত কাজিয়াৰ সৃষ্টি হয়। গঞাই সন্দেহ কৰা মতে দেওবাৰে নিশাও কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত স্বামী বিদ্যাচৰণ দেৱবাৰ্মাই পত্নীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে।

ইফালে ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছে ৰাজ্যখনৰ উনাকটি জিলাৰ পাখীৰ্বাড়া গাঁৱত।

গাঁওখনৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈছে।

ইতিমধ্যে ধৰ্ষিতা যুৱতী গৰাকীয়ে স্থানীয় কৈলাশহৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

যুৱতী গৰাকীয়ে অভিযোগ কৰিছে যে, সোমবাৰে আবেলি পৰিচিত আব্দুল মজিদ নামৰ যুৱকজনৰ সৈতে ভুক্তভোগী যুৱতী গৰাকীয়ে আত্মীয়ৰ বিবাহৰ অনুষ্ঠানলৈ গৈ থকাৰ অৱস্থাত নিৰ্জনতাৰ সুযোগ লৈ হাবিলৈ নি ধৰ্ষণ কৰে।

ধৰ্ষণ কৰাৰ পিছত আব্দুলে গাড়ীৰ পৰা নমাই থৈ যোৱা বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰিছে।

ইফালে ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত আব্দুল মজিদ পলতক হৈ আছে। আৰক্ষীয়ে তেওঁক বিচাৰি থকা বুলি জানিব পৰা গৈছে।