NORTHEAST NOW (Assamese)
অসম

অসমত ১৪৮২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ১.১৭ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 10:36 pm
642 persons test Covid19 positive in Assam on Saturday

১৪৮২গৰাকী ব্যক্তি মঙলবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

১,২৬,২৭৯টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ১.১৭ শতাংশ।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৯৬,৭৮৬লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত মঙলবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ ৰাতুল বৰা (৫০), শিৱসাগৰৰ সৰুমাই বেগম (৫৫), কামৰূপ মহানগৰৰ বিনোদ কুমাৰ আগৰৱালা (৬১) আৰু যোৰহাটৰ হীৰেন লেখাৰু (৬৯)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৮২৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৬৬,০৩৬গৰাকী ব্যক্তিয়ে সোমবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,৪৩৯ (।)