NORTHEAST NOW (Assamese)
অসম

চলিত বৰ্ষত ঋণাত্মক দিশত ১০.৩০ শতাংশলৈ সংকুচিত হ’ব ভাৰতীয় অৰ্থনীতি; আই এম এফৰ আশংকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 2:19 pm

সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিটো ক’ৰ’না মহামাৰীৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ মতে ২০২০ বৰ্ষত ভাৰতীয় অৰ্থনীতি ঋণাত্মক দিশত ১০.৩০ শতাংশলৈ সংকুচিত হ’ব।

অৰ্থাৎ ২০২০ বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ কোনোধৰণৰ উত্থান নঘটে বৰঞ্চ স্খলন হে ঘটিব।

ভাৰতৰ লগতে বিশ্ব অৰ্থনীতিয়ো ২০২০ বৰ্ষত ঋণাত্মক দিশত ৪.৪ শতাংশ সংকুটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আই এম এফে।

আনহাতে, ২০২১ চনত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি ৮.৮ শতাংশ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আই এম এফৰ অৰ্থনীতি বিদ গীতা গোপীনাথনে চীনক বাদ দি বিশ্বৰ প্ৰায়বোৰ দেশৰে অৰ্থনৈতিক বৃদ্ধিৰ হাৰ হ্ৰাস পাব বুলি আশংকা ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সংকটৰ সময়ত ভাৰতত ঘোষণা কৰা ল’কডাউনৰ বাবেই সকলো ধৰণৰ অৰ্থনীতিক কাম-কাজ স্থবিৰ হৈ পৰাৰ ফলশ্ৰুতিত ভাৰতত অৰ্থনৈতিক উন্নয়ন স্থবিৰ হৈ পৰিছে।

ক’ৰ’না মহামাৰীৰ সমাপ্তিৰ পাছত ক্ৰমাৎ ভাৰতীয় অৰ্থনীতিয়ে সুস্থিৰতা লাভ কৰিব বুলিও গৱেষক সকলে আশা ব্যক্ত কৰিছে।