NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত ৬৩,৫০৯ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ৭২ লাখ অতিক্ৰম মুঠ আক্ৰান্তৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 1:34 pm

ভাৰতত যোৱা ২৪ ঘণ্টাত ৬৩,৫০৯ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭২,৩৯,৩৮৯লৈ বৃদ্ধি পালে।

আনহাতে বিগত ২৪ ঘণ্টাত দেশৰ ৭৩০ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,১০,৫৮৬ গৰাকী।

উল্লেখ্য যে সোমবাৰৰ দিনটোত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫৫,৩৪২ হোৱাত আই চি এম আৰে সংক্ৰমণৰ হাৰ হ্ৰাস পাব বুলি অনুমান কৰিছিল। কিন্তু মঙলবাৰৰ দিনটোত পুনৰ ৬০ হাজাৰৰো অধিক লোক সংক্ৰমিত হোৱাত চিন্তিত হৈ পৰিছে।

বৰ্তমান ভাৰতত ৮,২৬,৮৭৬ গৰাকী লোক সক্ৰিয় হৈ থকাৰ বিপৰীতে ৬৩,০১,৯২৭ গৰাকী লোক ক’ৰ’নামুক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে দেশত আৰোগ্যৰ হাৰ হৈছে ৮৭.০৫ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ১.৫৩ শতাংশ।

উল্লেখ্য যে দেশত যোৱা দুমাহৰ মূৰত মঙলবাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৬০ হাজৰৰ তলত নামিছিল।

ইফালে, আই চি এম আৰে জনোৱা মতে দেশত এই পৰ্যন্ত ৯,০০,৯০,১২২ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১১,৪৫,০১৫ গৰাকী লোকৰ টেষ্ট কৰা হৈছিল মঙলবাৰে।