NORTHEAST NOW (Assamese)
অসম

পোলেণ্ডত হঠাতে ওপৰলৈ ওফন্দি উঠিল বিশাল জলৰাশি, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2020 6:52 pm
a poland

শান্ত ৰুপ ধাৰণ কৰি থকা পোলেণ্ডৰ জলৰাশি আজি হঠাতে প্ৰচণ্ড শব্দ কৰি আকাশৰ বহু ওপৰলৈ ওফন্দি উঠে।

ফলত কম সময়ৰ ভিতৰতে বৃহৎ অঞ্চল জলমগ্ন হৈ পৰে।

বাল্টিক সাগৰৰ কাষতে থকা এটা কেনেলত সংঘটিত হয় এই জল বিস্ফোৰণ।

পোলেণ্ড চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে এই জল বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই।

দৰাচলতে এই জল বিস্ফোৰণ হ’ব বুলি পোলেণ্ডৰ প্ৰশাসন পূৰ্বৰে পৰাই সাজু আছিল।

সেই বাবেই বৃহৎ জল বিস্ফোৰণটোত কোনো ক্ষয়-ক্ষতি হোৱা নাই।

পোলেণ্ডৰ ছুইন’জেছি নামৰ অঞ্চলটোৰ মাজেৰে যোৱা কেনেলটোত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অৰ্থাৎ ১৯৪৫ চনৰ এপ্ৰিল মাহত জাৰ্মানীৰ নাজী বাহিনীৰ এখন জাহাজক লক্ষ্য কৰি মিত্ৰ বাহিনীয়ে নিক্ষেপ কৰিছিল ৫,০০০ কিলোগ্ৰাম ওজনৰ এটা শক্তিশালী বোমা।

https://www.facebook.com/wjhlTV11/videos/1046759292489010

‘টলবয়’ আৰু ‘আৰ্থ কুৱেক’বোমা নামেৰেও জনাজাত সেই অতি শক্তিশালী বোমাটো নুফুটিল।

বোমাটো বছৰৰ পিছত বছৰ ধৰি পানীৰ তলতে পৰি থাকিল যদিও সেয়া নষ্ট হৈ নগ’ল।

নুফুটাকৈ থকা বোমাটো ফুটি যিকোনো মুহূৰ্ততে বিপদ ঘটাব পাৰে বুলি আশংকা কৰিয়েই পোলেণ্ডৰ চৰকাৰে বোমাটো ফুটুওৱাৰ সিদ্ধান্ত লয়।

সেই মৰ্মে আজি পানীৰ তলত পৰি ৰোৱা বোমাটো ফুটোৱা হ’য়।

বোমাটো ফুটাৰ সময়ত ১৬ কিলোমিটাৰ দূৰলৈ জোকাৰণি অনুভূত হৈছিল।