NORTHEAST NOW (Assamese)
অসম

বিবাহপাশত আৱদ্ধ ডব্লিউ ডব্লিউ ইৰ চুপাৰ ষ্টাৰ জন চিনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 5:52 pm

ডব্লিউ ডব্লিউ ইৰ মল্লযোদ্ধা আৰু হলিউদৰ জনপ্ৰিয় অভিনেতা জন চিনা বিবাহপাশত আৱদ্ধ হৈছে।

ফ্ল’ৰিডাৰ তাম্পাত বান্ধৱী চে চাৰিয়াতজাদেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ডব্লিউ ডব্লিউ ইৰ তাৰকা মল্লযোদ্ধা গৰাকী।

জন চিনাৰ এয়া দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে মল্লযোদ্ধা গৰাকীয়ে ২০০৯ চনৰ পৰা ২০১২ চনলৈ প্ৰথম পত্নী এলিজাবেথ হাবাৰদেউৰ সৈতে একেলগে আছিল।

প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পাছত জন চিনা আৰু চেক ২০১৯ চনৰ পৰা একেলগে বিভিন্ন স্থানত দেখা পোৱা গৈছিল আৰু তেতিয়াৰে পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক সম্বন্ধে চৰ্চা চলিছিল।

২০১৮ চনত জন চিনা আৰু প্ৰথম পত্নীৰ মাজত সন্তান বিচৰা নিবিচৰাক লৈ চলা মত বিৰোধৰ বাবে বিবাহ বিচ্ছেদ হৈছিল।

উল্লেখযোগ্য যে, জন চিনাই ডব্লিউ ডব্লিউ ইৰ লগতে ভালেমান ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰি সুনাম অৰ্জন কৰিছে।