NORTHEAST NOW (Assamese)
অসম

বিষাক্ত সুৰা পান কৰি ১৪জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু; তদন্তৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2020 12:18 pm
WhatsApp Image 2020-10-16 at 11.35.33 AM

বিষাক্ত সুৰা পান কৰি মধ্য প্ৰদেশত ১৪জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু ঘটিছে। ৰাজ্যখনৰ উজ্জয়িনীত সংঘটিত হোৱা এই ঘটনাৰ বাবে চাৰিগৰাকী আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে।

আনহাতে, অবৈধভাৱে মদ প্ৰস্তুত কৰি বিক্ৰী কৰাৰ অপৰাধ ১২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, বুধবাৰে নিশা উজ্জয়িনীৰ বিভিন্ন স্থানৰ পৰা ৭জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোহৰলৈ আহে। তাৰ পাছত বৃহস্পতিবাৰে পুৱা খাৰাকৌন আৰক্ষী থানা অঞ্চলত দুজনৰ মৃত্যু হয়। সেইদৰে পাছত হাস্পাতলতো দুজনৰ মৃত্যু হয়।

ইয়াৰ পাছত দিনটোৰ ভিতৰত বিভিন্ন স্থানৰ পৰা আন তিনিজনৰ মৃত্যুৰ খৱৰ আহে। তাৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী।

জানিব পৰা মতে, স্থানীয়ভাৱে প্ৰস্তুত পোলাটি মদ খোৱাৰ বাবে তেওঁলোকৰ মৃত্যু ঘটিছে। এই মদ প্ৰস্তুত কৰোতে জিনজাৰ টিংচাৰ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা হয় বুলি কোৱা হৈছে।

ঘটনাৰ পাছতে মধ্য প্ৰদেশ চৰকাৰে খাৰাকৌন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম এল মীনা, উপ-পৰিদৰ্শক নিৰঞ্জন সৰকাৰৰ লগতে দুজন কনিষ্টবলক নিলম্বন কৰে।

আৰক্ষীয়ে অবৈধভাৱে মদ প্ৰস্তুত কৰা ১২ জন লোকক গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে জানিবলৈ দিয়া মতে তেওঁলোকে এই মদ প্ৰস্তুত কৰোতে ইথাইল ইথাৰ হেক্সেন নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছিল।

বিষাক্ত সুৰা পান কৰি এইদৰে ১৪জন লোকে প্ৰাণ হেৰুৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে। ইয়াৰ বাবে তিনিজনীয়া এক বিশেষ কমিটিও গঠন কৰি দিছে।