NORTHEAST NOW (Assamese)
অসম

ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱজ্ঞা কৰি NRCৰ পৰা নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিব বিচাৰিছে : দেৱব্ৰত শইকীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 6:52 am
derivative16X91576434443106

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰকাশ পোৱা  NRCৰ ওপৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ দায়বদ্ধতা থকা উচিত। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

এক বিবৃতিতি শইকীয়াই কয় যে সকলোবোৰ নিয়ম নীতি অৱজ্ঞা কৰি শেহতীয়াকৈ  ৰাজ্যিক NRC সমন্বয়কে “D-Voter” বা যিসকলৰ গোচৰ ফ’ৰেনাৰ ট্ৰিবিউনেলত চলি আছে তেনে লোক সকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জিলা উপায়ুক্ত সমূহলৈ এক নিৰ্দেশনা পঠিওৱাৰ এটা বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যিহেতু ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ আদেশ লোৱা হোৱা নাই, গতিকে ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে।

তেওঁ ৰাজ্য চৰকাৰক এনে কাৰ্য্য নকৰিবলৈ তথা উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত যি গোচৰ আছে তাৰ সমাধান উলিয়াই NRC প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনায়।

বিৰোধী নেতাগৰাকীয়ে লগতে কয়, ‘’NRC ৰ লগত জড়িত অন্য এটা বিষয় আছিল যে, যদিহে কোনো লোকৰ লিগেচি ডাটাত কোনো সন্দেহ নাই, বা তেওঁ “D-Voter” নহয়, তেন্তে তেওঁৰ নাম অন্তৰ্ভুক্ত হ’ব লাগে, কিন্তু এতিয়া বহু ক্ষেত্ৰত লিগেচি পৰীক্ষা নকৰাকৈ নাম কৰ্তন কৰিব বিচৰা হৈছে। ঠিক তেনেকৈ ১৪ বছৰ বা তাৰ তলৰ যিসকলৰ মাক-দেউতাকৰ লিগেচিত কোনো সন্দেহ নাই তেন্তে তেওঁলোকৰ নাম স্বতঃস্ফুৰ্ত ভাৱে তালিকাত অন্তৰ্ভূক্ত হ’ব লাগে। কিন্তু এতিয়া ১৪ বছৰৰ তলৰ শিশু সকলৰ নামো NRC ৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে। যিটো এক দুৰ্ভাগ্য জনক বিষয়।‘’

শইকীয়াই কয়, ‘’যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই প্ৰথম NRC কাৰ্য্যালয় পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰতো ইয়াৰ ৰূপায়নৰ কথা উল্লেখ আছিল, গতিকে মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ বাবে এখন বিশেষ আৰু শুদ্ধ NRC প্ৰকাশনৰ ওপৰত মনোযোগ দিয়ক।‘’

বিৰোধী নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে যেতিয়া  NRC খন প্ৰকাশ কৰা হ’ল, তেতিয়া দেখা গৈছিল যে, অসমৰ বহু থলুৱা জাতি-জনগোষ্ঠীৰ লোকে বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ অসমৰ্থ হৈছিল। সেয়েহে সেইসকল থলুৱা লোকক NRCত নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে বিশেষভাৱে এক সুযোগ দিব লাগে, যাতে অসমত বাস কৰা প্ৰতিজন ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্তিৰে এখন প্ৰকৃত NRC অসমৰ ৰাইজে পায়।