NORTHEAST NOW (Assamese)
অসম

NEET-২০২০: মুঠ ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি নতুন ইতিহাস ৰচিলে ছোয়েব-আকাঙ্ক্ষাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 7:41 am
WhatsApp Image 2020-10-17 at 7.08.10 AM

পাৰফেক্ট! সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত(NEET) মুঠ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি নতুন ইতিহাস গঢ়িলে দুগৰাকী কৃতিমান শিক্ষাৰ্থীয়ে।

শিক্ষাৰ্থী দুগৰাকী হ’ল ক্ৰমে উৰিষ্যাৰ ছোয়েব আফতাব আৰু দিল্লীৰ আকাঙ্ক্ষা সিং। নীট পৰীক্ষাত এই প্ৰথম কোনো শিক্ষাৰ্থীয়ে এনেদৰে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰিছে।

অৱশ্যে,বয়সৰ ভিত্তিত প্ৰথম স্থান লাভ কৰিছে ছোয়েব আফতাবে আৰু দ্বিতীয় স্থানত আছে আকাঙ্ক্ষা সিং।

এইবাৰ নীট পৰীক্ষাৰ বাবে ১৫.৯লাখ শিক্ষাৰ্থীৰ পঞ্জীয়ন হৈছিল। ইয়াৰ ভিতৰত ১৩,৬লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। তাৰ ভিতৰত আকৌ ৮.৮লাখ শিক্ষাৰ্থী মহিলা।

নেশ্যনেল টেষ্টিং এজেন্সি(এন টি এ)য়ে জানিবলৈ দিয়া অনুসৰি ৭,৭১,৫০০ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

ফলাফল প্ৰকাশৰ পাছত আফতাবে জানিবলৈ দিয়ে যে তেওঁ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিছিল। শীৰ্ষ এশৰ ভিতৰত স্থান লাভ কৰিব বুলিও আশা কৰিছিল। কিন্তু তেওঁৱেই যে প্ৰথম হ’ব সেয়া ভবা নাছিল।

অৱশ্যে, তেওঁ লগতে কয় যে যেতিয়া ‘এন্সাৰ কী’ৰ সৈতে স্ক’ৰ দেখিবলৈ পায় তেতিয়াই তেওঁ সম্পূৰ্ণ নম্বৰ পোৱা দেখাৰ পাছৰে পৰা দেশৰ ভিতৰত প্ৰথম হোৱাৰ কথা মনলৈ আহে।

আফতাব নিজৰ লক্ষ্যত ইমানেই স্থিৰ আৰু একাগ্ৰ আছিল যে কোটাৰ পৰা আঢ়ৈ বছৰ তেওঁ উৰিষ্যাৰ ঘৰলৈ যোৱা নাছিল।

বিভিন্ন ছুটীৰ সময়ত, আনকি লকডাউনৰ সময়তো আফতাবে কোটাতে থাকি গৈছিল। লগত মাক থকাৰ বাবে খোৱাবোৱাৰ বিশেষ অসুবিধা পোৱা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে লকডাউনৰ পাঁচমাহ তেওঁ ভালদৰে ব্যৱহাৰ কৰিছিল।

এইমছৰ পৰা এমবিবিএছ পঢ়ি এগৰাকী হৃদৰোগ বিশেষজ্ঞ হ’ব বিচৰা আফতাব গৱেষণাৰ প্ৰতি অত্যন্ত আগ্ৰহী।