NORTHEAST NOW (Assamese)
অসম

ভাৰত, চীন আৰু ৰাছিয়াই বতাহত বৃদ্ধি কৰিছে প্ৰদূষণ: ডোনাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 9:49 am
trump, modi, putin and xi

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত, চীন আৰু ৰাছিয়াৰ জৰিয়তেই বতাহত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।

এই তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ একেবাৰে তলত আছে বুলিও দাবী কৰিছে বহুবল্কী ৰাষ্ট্ৰপতিগৰাকীয়ে।

নৰ্থ কাৰোলিনাৰ নিৰ্বাচনী সভা এখনত ট্ৰাম্পে কয় যে এই দেশবোৰত বায়ু প্ৰদূষিত হৈছে। কেবল সেয়াই নহয়, ভাৰত, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিজৰ ভূমিকা ঠিকমতে পালন কৰিব পৰা নাই।

ট্ৰাম্পে তেওঁৰ চৰকাৰে ইন্ধন বচোৱাৰ পৰা আৰম্ভ কৰি পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত বহু কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি দাবী কৰে।

কিন্তু তেওঁ লগতে দাবী কৰে যে ভাৰত, চীন আৰু ৰাছিয়াৰ বাবে প্ৰদূষণ বৃদ্ধি পাইছে আৰু আন দেশৰ তুলনাত আমেৰিকাৰ পৰিৱেশ উন্নত।

ট্ৰাম্পে ভাৰত, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে পৰিৱেশ কিদৰে সংৰক্ষণ কৰিব লাগে তাকেই নাজানে বুলি উল্লেখ কৰাৰ লগতে এই দেশসমূহৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কে প্ৰাথমিক ধাৰণা নাই বুলিও কটাক্ষ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়,’’ মই কোনো চহৰৰ নাম ক’ব নোখোজো যদিও এনে কিছুমান চহৰ আছে য’ত গ’লে উশাহ পৰ্যন্ত ল’বলৈ কষ্ট হয়।‘’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত চীন আৰু আৰু ৰাছিয়াৰ বিৰুদ্ধে মন্তব্য কৰি আহিলেও ভাৰতৰ বিৰুদ্ধে সমালোচনা কৰা নাছিল।

কিন্তু এইবাৰ ভাৰতকো সাঙুৰি কৰা ট্ৰাম্পৰ মন্তব্যই স্বাভাৱিকতে ৰাষ্ট্ৰপতিগৰাকীৰ মনোভাৱ বুজাত অস্পষ্টতাৰ সৃষ্টি কৰিছে।