NORTHEAST NOW (Assamese)
Popular Stories

সকলো জটিলতাৰ অৱসান! : এইবাৰ ভাৰতত আৰম্ভ কৰা হ’ব ৰাছিয়াৰ কোভিড ভেকচিনৰ ট্ৰায়েল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 2:35 pm
index.jpga

বিভিন্ন আইনী জটিলতাৰ অৱসানৰ পিছত ৰাছিয়াৰ কোভিড১৯ৰ ভেকচিন স্পুটনিক ফাইভ ভাৰতত ট্ৰায়েলৰ বাবে আনুমতি লাভ কৰিছে।

ইয়াৰ ফলত ভাৰতত ৰাছিয়াই প্ৰস্তুত কৰা এই ভেকচিনটো ভাৰতত ট্ৰায়েল আৰম্ভ কৰা হ’ব।

উল্লেখ্যে যে ভাৰতীয় প্ৰতিষ্ঠান ডাঃ ৰেড্ডি লেব(Dr. Reddy’s Laboratories)ৰ তত্ত্বাৱধানত কিছুদিনৰ পূৰ্বেই ভাৰতত ৰাছিয়াৰ কোভিড ভেকচিনটোৰ ট্ৰায়েল আৰম্ভ হোৱাৰ কথা আছিল।

কিন্তু প্ৰতিষ্ঠানটোৰ আবেদন পদ্ধতিত ৰৈ যোৱা ত্ৰুটিৰ বাবে সেয়া পূৰ্বৰ নিৰ্দিষ্ট সময়ত সম্ভৱ হৈ নুঠিল।

ৰাছিয়াৰ স্পুটনিক ফাইভ ভেকচিনটো ঘোষণা কৰাৰ পিছতেই ভাৰতীয় প্ৰতিষ্ঠান ডাঃ ৰেড্ডি লেব-এ চুক্তিৱদ্ধ হৈ ভাৰতত এই ভেকচিনটো ট্ৰায়েলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল।

এই প্ৰস্তুতিৰ মৰ্মেই ডাঃ ৰেড্ডি লেব-এ যোৱা ৩ অক্টোবৰত ভাৰতত ট্ৰায়েল আৰম্ভ কৰিবলৈ প্ৰথমবাৰ আবেদন কৰিছিল। কিন্তু প্ৰতিষ্ঠানটোৱে ভাৰতৰ চেন্ট্ৰল ড্ৰাগছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনক উপযুক্ত তথ্য পাতি দাখিল কৰিব নোৱাৰাত ভাৰতে সেই আবেদন খাৰিজ কৰি দিয়ে।

ইয়াৰ পিছতে যোৱা ১৩ অক্টোবৰত প্ৰতিষ্ঠানটোৱে পুনৰ এখন নতুন আবেদন দাখিল কৰে। এইবাৰ চেন্ট্ৰল ড্ৰাগছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনে এই আবেদন গ্ৰহণ কৰি প্ৰতিষ্ঠানটোক ভাৰতত ৰাছিয়াৰ কোভিড ভেকচিনটো ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে পিটিআই-এ।

পিটিআইক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে, ভেকচনিটোৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েল ভাৰতত কৰা হ’ব।

দ্বিতীয় পৰ্যায়ত ১০০ জন স্বেচ্ছাসেৱক আৰু তৃতীয় পৰ্যায়ত ১৪০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিনটো প্ৰয়োগ কৰা হ’ব বুলি জনাইছে প্ৰতিষ্ঠানটোৱে।