NORTHEAST NOW (Assamese)
Popular Stories

‘মই হাৰিলে দেশ এৰিব লগীয়া হ’ব পাৰে’, কিয় এই মন্তব্য কৰিলে ড’নাল্ড ট্ৰাম্পে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 6:04 pm

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দল দুটাৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আৰু জ’ বিদেনৰ মাজত বাক যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে।

দুয়োজন নেতাই ভোটাৰক আকৃষ্ট কৰাৰ প্ৰয়াস চলাই থকাৰ সময়তে জ’ বিদেনক আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসৰ সবাটোকৈ বেয়া প্ৰাৰ্থী বুলি মন্তব্য কৰিছে ট্ৰাম্পে।

ইয়াৰ উপৰি বিদেনৰ বিৰুদ্ধে নিৰ্বাচনত পৰাস্ত হ’লে ট্ৰাম্পে দেশ এৰি যাব লাগিব পাৰে বুলিও তাৎপৰ্যপূৰ্ণমূলক মন্তব্য কৰে।

ফ্লৰিডা আৰু জৰ্জিয়াত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ট্ৰাম্পে কয়, ‘আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত সবাটোকৈ বেয়া প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লগীয়া বিষয়টোৱে মোক চাপত পেলাইছে’।

তেওঁ লগতে কয়, ‘যদি মই নিৰ্বাচনত হাৰো তেন্তে মোৰ কি হ’ব আপোনালোকে কল্পনা কৰিব পাৰিছেনে? মই দেশ এৰি যাব লগীয়া হ’ব পাৰে। মই নাজানো তাৰ পিছত কি হ’ব’।

উল্লেখ্য যে নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুই সপ্তাহ বাকী থকাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

অহা ৩ নৱেম্বৰত হ’ব লগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ড’নাল্ড ট্ৰাম্প।

কিয়নো আমেৰিকাত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰা আৰু দেশৰ আৰ্থিক অৱস্থা সূচল কৰাত ট্ৰাম্প সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি বিৰোধীয়ে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আছে।