NORTHEAST NOW (Assamese)
অসম

৫ মিনিটত ১.৬ কিলোমিটাৰ দৌৰি সকলোকে আচৰিত কৰি দিলে ৯ মহীয়া গৰ্ভৱতী এথলীটে, চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 7:01 am
a makenna

সাধাৰণ সুস্থ লোক এজনে এক কিলোমিটাৰ দৌৰিবলৈ গড়ে ৯ ৰ পৰা ১০ মিনিট সময় লয় যদিও এগৰাকী গর্ভৱতী মহিলাই তাতোকৈয়ো কম সময়ত সেই দূৰত্ব অতিক্ৰম কৰি সকলোৰে চকু থৰ লগাই দিছে।

মাত্ৰ ৫ মিনিটত ১.৬ কিলোমিটাৰ দৌৰিবলৈ সক্ষম হোৱা এই মহিলা এথলীট গৰাকী হৈছে মাকেন্না মাইলাৰ।

৯ মহীয়া অন্তসত্ত্বা মাকেন্নাই সকলো শাৰীৰিক বাধাকো নেওচি স্বাভাৱিক ভাবেই  ৫ মিনিটত দৌৰিবলৈ সক্ষম হয় ১.৬ কিলোমিটাৰ পথ।

সাধাৰণতে গৰ্ভাৱস্থা বুলি ক’লে যি কোনো মহিলাই অতি সাৱধানতাৰে সময় পাৰ কৰে যদিও মাকেন্নাৰ মত পিছে এই ক্ষেত্ৰত কিছু বেলেগ।

২৮ বছৰীয়া এথলীট গৰাকীৰ মতে গৰ্ভাৱস্থাতো শাৰীৰিক শ্ৰম কৰা কেতিয়াও এৰি দিব নালাগে।

প্ৰয়োজনীয় সাৱধানতা খিনি পালন কৰি সকলো গৰ্ভৱতী মহিলাই শাৰীৰিক শ্ৰম কৰি যাব পাৰে বুলি মাকেন্নাই বিশ্বাস কৰে।

এই বিশ্বাৰ বলতে মাকেন্নাই স্বাভাৱিক অৱস্থাত সাধাৰণ লোকে দৌৰিবলৈ লগা সময়তকৈয়ো কম সময়ত ১.৬ কিলোমিটাৰ পথ দৌৰিবলৈ সক্ষম হৈছে।

মাকেন্নাৰ স্বামী মাকে কুৰ্নিছে প্ৰকাশ কৰা অনুসৰি লক ডাউনৰ সময়ৰে পৰাই মাকেন্নাই অলপ অলপ কৈ দৌৰৰ দূৰত্ব বঢ়াই নিছিল।

অৱশেষত তেওঁ ৫ মিনিটত ১.৬ কিলোমিটাৰ দৌৰিবলৈ সক্ষম হয়।

চিকিৎসকে ১৯ অক্টোৱৰ অৰ্থাৎ আজি মাকেন্নাৰ সন্তান প্ৰসৱৰ দিন ধৰি দিছে।