NORTHEAST NOW (Assamese)
অসম

দুটাকৈ ছুপাৰ অ’ভাৰ! আইপিএলৰ ইতিহাসত আটাইতকৈ ৰোমাঞ্চকৰ বিজয় পঞ্জাৱৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 7:05 am
WhatsApp Image 2020-10-19 at 6.40.46 AM

ডুবাইত মুম্বাইৰ বিৰুদ্ধে খেলা আইপিএলৰ ইতিহাসৰ আটাইতকৈ উত্তেজনাপূৰ্ণ এখন মেচত বিজয় সাৱ্যস্ত কৰিলে পঞ্জাৱে।

নিৰ্দ্ধাৰিত ২০ অভাৰত মেচখন টাই হোৱাৰ পাছত ছুপাৰ অভাৰতো মেচখন টাই হয়। কিন্তু দ্বিতীয় ছুপাৰ অভাৰত বিজয় সাৱ্যস্ত কৰে কিংছ ইলেভেন পঞ্জাৱে।

আমিৰশ্বাহিৰ পীটছত আৰম্ভণিতে যিধৰণে বেটিঙৰ চমক দেখা গৈছিল পাছলৈ সেয়া সলনি হৈ পৰে। ক্ৰমে পীটছ মন্থৰ হৈ পৰাত ৰাণ কৰাটো কঠিন হৈ পৰে।

সেয়েহে, ডুবাইত মুম্বাই ইণ্ডিয়ানছৰ ৬ উইকেটত কৰা ১৭৬ৰাণৰ ইনিংছটো কিংছ ইলেভেন পঞ্জাৱৰ বাবে অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ হৈ উঠে।

অধিনায়ক লোকেশ ৰাহুলৰ ৭৭ৰাণৰ সহায়ত পঞ্জাৱে মুম্বাইৰ মুঠ ৰাণ স্পৰ্শ কৰে যদিও অতিক্ৰম কৰাটো সম্ভৱ নহ’ল। কিংছ ইলেভেনেও ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৭৬ৰাণহে কৰিবলৈ সক্ষম হয়।

ফলাফল নিৰ্ণয়ৰ বাবে ছুপাৰ অভাৰ খেলোৱা হয়। প্ৰথমে বেটিং কৰি পঞ্জাৱে বুমৰাহৰ প্ৰথমটো অভাৰত দুটা উইকেট হেৰুৱাই ৫ৰাণ কৰে।

সেইদৰে পঞ্জাৱৰ হৈ বলিং কৰি মহম্মদ ছামীয়ে মুম্বাইকো ৫ৰাণতে সীমিত ৰাখে। ফলত ছুপাৰ অভাৰো টাই হৈ পৰে।

দ্বিতীয়টো ছুপাৰ অভাৰত মুম্বাইয়ে প্ৰথমে বেটিং কৰি জৰ্ডানৰ অভাৰত এটা উইকেট হেৰুৱাই ১১ৰাণ কৰে।

আনহাতে, গেইল আৰু মায়ংক আগৰৱালাএ পঞ্জাৱৰ হৈ বেটিং কৰিবলৈ নামি ৪টা বলত ১৫ৰাণ কৰি দলৰ বিজয় নিশ্চিত কৰে।