NORTHEAST NOW (Assamese)
অসম

প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খগেন কলিতাৰ কংগ্ৰেছত যোগদান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 19, 2020 4:30 pm
khagen Kalita

প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, অকণ বৰাকে ধৰি অন্য জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত কলিতাই দলটোত যোগদান কৰে।

কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে খগেন কলিতা।

যোগদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি কলিতাই কয় ‘আজি সমগ্ৰ দেশ আৰু ইয়াৰ জনতা কংসৰ কাৰাগাৰত বন্দী হৈছে। ভাৰতৰ গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষ চৰিত্ৰ এই সকলোবোৰ বিজেপিয়ে টানি-আজুৰি নি কংসৰ কাৰাগাৰত সোমোৱাই দিছে।‘

‘সেয়েহে দেশক ভালপোৱা প্ৰত্যেকগৰাকী লোকে কংগ্ৰেছত যোগদান কৰি কৰ্মী হোৱাটো প্ৰয়োজনীয়। মই এই অনুভৱ কৰিয়েই কংগ্ৰেছত যোগদান কৰিবলৈ আগবাঢ়ি আহিছো।‘ কলিতাই লগতে কয়।

কলিতাৰ মতে ‘২০১৬ চনত বিজেপি দল ৰাজ্যত শাসনলৈ আহিছিল যদিও তেওঁলোকৰ কৰ্ম কাণ্ড জনতা দল আৰু অগপতকৈয়ো অতি নিকৃষ্ট। কেৱল মিছা কথা প্ৰলোভনৰে তেওঁলোকে ৰাজনীতি কৰিছে।‘

‘মিছা কথাৰ ঠেং চুটি; অহা ২১ৰ নিৰ্বাচনত বিজেপি দলৰ অৱস্থা অসমৰ জনসাধাৰণে জনতা দল আৰু অগপতকৈয়ো বেছি বেয়া কৰি দিব।‘ কলিতাই লগতে কয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে হাজোৰ পৰা দুলু আহমেদৰ পৰিৱৰ্তে খগেন কলিতাই কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

তেওঁৰ লগতে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক স্বপন কুমাৰ মণ্ডল, বিজেপি নেতা বালিৰাম বড়ো, বিজেপি নেতা সুজিত কুমাৰ দাসসহ মুঠ ৫২ জন লোকে আজি কংগ্ৰেছত যোগদান কৰে।