NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত, একে পৰিয়ালৰ দুজনসহ চাৰিগৰাকীৰ মৃত্যু

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ October 19, 2020 10:26 pm
Two of a family die in a road accident in Lakhimpur

একে পৰিয়ালৰ দুজনসহ চাৰিগৰাকী লোকে লখিমপুৰত সোমবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

লোককেইজনে যাত্ৰা কৰি অহা টয়’টা ইন’ভা গাড়ীখনে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নাওবৈচাৰ সমীপৰ চ’মগ্ৰা দলঙৰ সমীপত এজোপা গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

একে পৰিয়ালৰ মিতালী দাস বড়ো আৰু উৎপল বড়ো দুৰ্ঘটনাটোত নিহত হৈছে।

দুৰ্ঘটনাটোত গাড়ীচালক ৰত্ন মহন্ত আৰু ৰিংকু মৰাণ নামৰ আন দুজনেও প্ৰাণ হেৰুৱায়।

আটাইকেইগৰাকী ব্যক্তিকে নাওবৈচা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন গুৱাহাটীৰ পৰা উত্তৰ লখিমপুৰ অভিমুখে গৈ আছিল।