NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা মহকুমাত কূটাঘাত আৰু অসামাজিক কাৰ্য্যকলাপ ৰোধৰ বাবে ১৪৪ ধাৰা জাৰি

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ October 20, 2020 6:48 pm

মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিয়ে মহকুমাটোত বিদ্ৰোহী গোটৰ দ্বাৰা অসামাজিক কাৰ্য্যকলাপ আৰু কূটাঘাটৰ ঘটনা সংঘটিত হোৱাৰ আশংকাত ফৌজদাৰী ১৪৪ ধাৰাৰ অধীনত আজি কিছু নিষেধাজ্ঞা আৰোপ কৰে।

১৪৪ ধাৰা বাহাল হোৱাৰ সময়ত ৰাজহুৱা স্থানত পাঁচগৰাকীতকৈ অধিক ব্যক্তি সমৱেত হোৱা, অনুমতিবিহীনভাৱে সমদল উলিওৱা, শোভাযাত্ৰা উলিওৱা, ৰাজহুৱা স্থান বা ব্যক্তিগত গৃহত লাউডস্পীকাৰ, মাইক আদি বজোৱা, প্ৰৰোচিত কৰা,  শ্লোগান দিয়া,  বলপূৰ্বক দান বৰঙণি সংগ্ৰহ আদি কৰিব নোৱাৰিব।

আনহাতে, দুচকীয়া বাহনত নিৰাপত্তাৰক্ষী, সাংবাদিক, ছাত্ৰ-ছাত্ৰী, মহিলা, বিশেষভাৱে সক্ষম ব্যক্তিৰ বাহিৰে দুজন লোক উঠাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তদুপৰি, বাহনত ক’লা গ্লাছ লগোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আজি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতিযোগে সকলোৰে জ্ঞাতাৰ্থে জনোৱা হয়।