NORTHEAST NOW (Assamese)
অসম

চীনৰ সৈতে চলি থকা বিবাদৰ মাজতেই ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2020 8:34 am

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ মাজতে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পেয়ো আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এস্পৰে অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব।

মঙলবাৰে এই কথা জানিবলৈ দিয়ে প্ৰতিৰক্ষা সচিব এস্পৰে।

এই ভ্ৰমণচোৱাত ভাৰতৰ সৈতে বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। আলোচনাত মুখ্য স্থান পাব ভাৰত-চীনৰ মাজত চলি থকা বিবাদে।

উল্লেখ্য যে আমেৰিকাৰ বৈদেশিক সচিব আৰু প্ৰতিৰক্ষা সচিবৰ ভাৰত ভ্ৰমণে স্বাভাৱিকতে চীনক চিন্তিত কৰি তুলিব।

এস্পৰে কয় ‘ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াত বহুত প্ৰতিভাশালী লোক আছে আৰু তেওঁলোকে হিমালয়ত প্ৰতিদিনে চীনৰ আক্ৰমক স্থিতিৰ সৈতে মোকাবিলা কৰে’।

এস্পৰে অহা মাহত ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া মালাবাৰ নেভেল এক্সচাৰচাইজ  (Malabar naval exercise) সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।

যোৱা বছৰৰ নৱেম্বৰত আমেৰিকা আৰু ভাৰতৰ মাজত স্থল সেনা, বায়ুসেনা আৰু নৌ সেনাৰ মাজত এক্সচাৰচাইজ অনুষ্ঠিত হৈছিল। যোৱা মাহত দুয়োখন দেশৰ মাজত চাইবাৰ ডিফেন্স সম্পৰ্কতো আলোচনা হৈছে।