NORTHEAST NOW (Assamese)
অসম

অৰুণোদয় আঁচনি; এইবাৰ আমগুৰিৰ নামতি দ’ল গাওঁ পঞ্চায়তত দুৰ্নীতিৰ পোহাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 21, 2020 8:22 pm
20201021_200247

প্ৰতিদিনে আমগুৰি সমষ্টিত এখনৰ পিছত এখনকৈ গাওঁপঞ্চায়ত অৰুণোদয় আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।

নামতি আলি, বৰুৱাআলি, বৰাহীবাৰী পঞ্চায়তৰ পাছত এইবাৰ নামতিদ’ল গাঁও পঞ্চায়তত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে  পঞ্চায়তৰ ৱাৰ্ড সদস্য আৰু সভাপতিয়ে পঠোৱা আৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য তথা ধনী ব্যক্তিৰ নাম অন্তভুক্ত হোৱাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নামতিদ’ল গাঁও পঞ্চায়তত।

অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰীৰ লগতে স্থানীয় গাঁওবাসীয়ে জবাবদিহি কৰে নামতি দ’ল পঞ্চায়তৰ সদস্য সকলক।

স্থানীয় লোকৰ অভিযোগ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ছত্ৰছায়াতে এই কেলেংকাৰী সংঘটিত হৈছে।

 আমগুৰি সমষ্টিৰ পঞ্চায়তত সংঘটিত অৰুণোদয় আঁচনিৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ জিলা উপায়ুক্তক স্থানীয় ৰাইজে দাবী জনাইছে।

ইপিনে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ওজৰ আপত্তি থাকিলে ২২ অক্টোবৰত বিয়লি ৫ বজাৰ ভিতৰত শিৱসাগৰ জিলা প্ৰশাসনৰ ওচৰত আবেদন  কৰিব পাৰিব বুলি এক জাননী জাৰি কৰিছে প্ৰশাসনে।