NORTHEAST NOW (Assamese)
Popular Stories

দাড়ি ৰাখি চাকৰি হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শকে; দেশৰ ক’ত ঘটিল এই ঘটনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 2:31 pm

বিনা অনুমতিত দাড়ি ৰখাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক নিলম্বন কৰাৰ ঘটনাই দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

চাকৰিৰ পৰা নিলম্বন হোৱা উপ-পৰিদৰ্শকজন হৈছে ইনছাৰ আলী।

জানিব পৰা মতে আলীক দাড়ি কটাৰ বাবে তিনিবাৰকৈ নিৰ্দেশ দিয়া হৈছিল আৰু দাড়ি দীঘল কৰাৰ বাবে অনুমতি ল’বও কোৱা হৈছিল।

কিন্তু আৰক্ষী বিষয়াজনে এই কথা অবজ্ঞা কৰি দাড়ি নকটাকৈ থাকে।

এই ঘটনাটো হৈছে ৰমালা থানাৰ। আৰক্ষী বিভাগৰ বিনা অনুমতিত দাড়ি ৰখাৰ বাবে থানাৰ উপ-পৰিদৰ্শক ইনছাৰ আলীক আৰক্ষী অধীক্ষকে নিলম্বন কৰে।

আলীক দাড়ি কাটিবলৈ তিনিবাৰকৈ কোৱা হৈছিল যদিও তেওঁ এই নিৰ্দেশ অমান্য কৰাত এই শাস্তিমূলক ব্যৱস্থ্যা গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, নিয়ম অনুসৰি শিখসকলৰ বাহিৰে আন কোনো আৰক্ষী কৰ্মীয়ে দাড়ি ৰাখিব নোৱাৰে।

আৰক্ষী অধীক্ষকজনে কয়, ‘যদি কোনো আৰক্ষী কৰ্মীয়ে দাড়ি ৰাখিব খোজে, তেন্তে তেওঁ বিভাগৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয়। ইনছাৰ আলীক বাৰম্বাৰ অনুমতি ল’বলৈ কোৱা হৈছিল কিন্তু তেওঁ এই কথা নুশুনিলে’।