NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ কোকিলাত বৃহৎ পৰিসৰত কৃষকে আৰম্ভ কৰিছে ইৰিখেতি

Posted by: ইয়াছীন আলী March 10, 2018 12:30 pm
kokila

নিবনুৱা সমস্যাই কোঙা কৰা সময়তে কৃষি কৰ্মক্ষেত্ৰৰ জৰিয়তে অসমৰ বহু শিক্ষিত যুৱক স্বাবলম্বী হোৱাৰ খবৰে নিশ্চয়কৈ অসমৰ কৃষিক্ষেত্ৰখনৰ লগতে অৰ্থনীতিৰ বাবে এক ইতিবাচক দিশ। সেই লক্ষ্যৰে নামনি অসমৰ কোকিলা অঞ্চলৰ কিছু উদ্যমী শিক্ষিত যুৱক বৰ্তমান ব্যস্ত SRI পদ্ধতিৰে ইৰিখেতি কৰাত।

স্মৰ্তব্য যে SRI পদ্ধতিত ইৰিখেতি কৰি কোকিলাৰ কৃষক মন্তাজ আলীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছৰে পৰা এতিয়া সেই অঞ্চলৰ যুৱকসকল কৃষিক্ষেত্ৰত নিজকে নিয়োজিত কৰা দেখিবলৈ পোৱা গৈছে।

আওপূৰণীয়া শালি খেতিৰ পদ্ধতি ত্যাগ কৰি এতিয়া সেই অঞ্চলৰ কৃষকসকল ব্যস্ত ইৰিখেতি কৰাত। খেতি মাটি ডৰা একেবাৰে সমান কৰি যথেষ্ট কম পানী তথা জৈৱিক সাৰ ব্যৱহাৰ কৰি এই খেতি বিধ কৰি সফলতা লাভ কৰা বুলি জানিবলৈ দিয়ে একাংশ খেতিয়কে।

 

kokila Farmer

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমৰ বঙাইগাঁও জিলাৰ কোকিলাত কৃষক মন্তাজ আলীয়ে এই খেতিৰ সূচনা কৰিছিল।

SRI পদ্ধতিত ইৰিখেতি কৰি প্ৰতি বিঘাত ৩০-৪০ মোন ধান উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ বাবেই এতিয়া দিনক দিনে কৃষকসকল এই খেতিৰ বাবে আকৰ্ষিত হোৱা বুলি জানিবলৈ দিয়ে মন্তাজ আলীয়ে।

ইফালে কিছুদিন আগতে হৈ যোৱা ধুমুহা-বৰষুনৰ বাবে খেতিপথাৰৰ লগতে কঠিয়াৰ যথেষ্ট ক্ষতি সাধন হোৱা বুলি জনায় অঞ্চলটোৰ খেতিয়কসকলে।

ইয়াৰ উপৰি চৰকাৰীভাৱে কোনো সা-সুৱিধা নোপোৱাকৈয়ে কোকিলাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰমেৰে কৰা খেতি-বাতি অন্য প্ৰান্তৰ খেতিয়কসকলৰ বাবে এক আদৰ্শ।