NORTHEAST NOW (Assamese)
অসম

ভাৰতত যোৱা ২৪ ঘণ্টাত ৫৪,৩৬৬ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ৬৯০ গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 11:18 am

ভাৰতত যোৱা ২৪ ঘণ্টাত ৫৪,৩৬৬ গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা গৈছে। ইয়াৰ ফলত দেশত আক্ৰান্তৰ মুঠ সংখ্যাই ৭১.৬১ লাখ অতিক্ৰম কৰিলে।

ইফালে ক’ৰ’নাৰ ফলত যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৬৯০ গৰাকীৰ।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি মহামাৰী ক’ৰ’নাৰ ফলত এই পৰ্যন্ত ১ লাখ ১৭ হাজাৰ ৩০৬ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে।

মন্ত্ৰ্যালয়ে লগতে জানিবলৈ দি কয় যে দেশত বৰ্তমান ৬,৯৫,৫০৯ গৰাকী সক্ৰিয় ৰোগী আছে। যোৱা ২৪ ঘণ্টাত ২০,৩০৩ গৰাকীলৈ হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখা।

এই পৰ্যন্ত মুঠ আক্ৰান্তৰ ৬৯,৪৮,৪৯৭ গৰাকী ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে। বৃহস্পতিবাৰৰ দিনটোত ৭৩,৯৭৯ গৰাকী ক’ৰ’নামুক্ত হৈছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ চমুকৈ আই চি এম আৰে জনোৱা অনুসৰি দেশত এতিয়ালৈকে ১০,০১,১৩,০৮৫ গৰাকীৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

ইয়াৰে ১৪,৪২,৭২২ গৰাকীৰ টেষ্ট কৰা হৈছে বৃহস্পতিবাৰৰ দিনটোত।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা মতে, দেশত এতিয়া পজিটিভৰ হাৰ হৈছে ৭.৮১ শতাংশ।