NORTHEAST NOW (Assamese)
অসম

২০২২ চনৰ অক্টোবৰৰ ভিতৰত ভাৰতে লাভ কৰিব নতুন সংসদ ভৱন; চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব নিৰ্মাণকাৰ্য্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 11:30 am

২০২২ বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত ভাৰতত নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হৈ উঠিব বুলি ধাৰণা কৰা হৈছে।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা নতুন সংসদভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

নতুনকৈ নিৰ্মাণ হ’বলগীয়া সংসদভৱনৰ নিৰ্মাণ কাৰ্য্যৰ বাবে দুবছৰলৈ যাতে পুৰণি সংসদভৱনত সংসদৰ কাম-কাজত বাধাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

নতুনকৈ নিৰ্মাণ হ’বলগীয়া ত্ৰিকোণীয় আৰ্হিৰ সংসদভৱনটো কাগজ ব্যৱহাৰ নকৰাকৈ কাম-কাজ চলাব পৰাকৈ সম্পুৰ্ণৰূপে ডিজিটেল হ’ব।

ইয়াৰোপৰি, ভাৰতীয় গণতন্ত্ৰৰ আৰ্হিক প্ৰতিফলিত কৰাকৈ  নতুন সুবিশাল কনষ্টিটিউশ্যনেল হ’ল, সাংসদ সকলৰ বাবে বিশাল লাইব্ৰেৰী, কমিটি ৰুম, ডাইনিং ইত্যাদিৰ ব্যৱস্থা থাকিব।

নতুনকৈ নিৰ্মাণ হ’বলীগয়া সংসদ ভৱনত লোকসভাত ৮৮৮ গৰাকী সদস্যই বহিব পৰা আসনৰ ব্যৱস্থা থকাৰ বিপৰীতে ৰাজ্যসভাতো ৩৮৪ গৰাকী সদস্যই বহিব পৰা আসনৰ ব্যৱস্থা থাকিব।

৮৬১ কোটি টকাৰ বিনিময়ত টাটা প্ৰজেক্ট লিমিটেডে নতুন সংসদভৱনৰ গৃহ নিৰ্মাণৰ কামৰ দায়িত্ব লাভ কৰিছে।