NORTHEAST NOW (Assamese)
অসম

৯০২লৈ বৃদ্ধি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 10:03 pm
Covid death toll in Assam reaches 930

আৰু দুগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯০২লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ বিনন চন্দ্ৰ দাস (৬৪) আৰু গোৱালপাৰাৰ ধনঞ্জয় ৰয় (৬১)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ৯০০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৭৯,৮৪৩গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শুকুৰবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২২,৯৬৩ (।)

মুঠ ২,০৩,৭০৯গৰাকী ব্যক্তি অসমত শুকুৰবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।