NORTHEAST NOW (Assamese)
অসম

স্বস্তি: দেশত ক্ৰমাৎ কমি আহিছে ক’ৰ’ণা ৰোগীৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2020 3:06 pm
483a53ff2834a2b597d720d548a82b0a03c1f5ffc180c5419e994085f9afe9e6

শীতৰ আগমণৰ লগে লগে  ক’ৰ’ণাৰ সংহাৰ বৃদ্ধি পাব বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰি থকাৰ সময়তে ভাৰতত এতিয়া কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ কমিবলৈ আৰম্ভ কৰিছে।

কালিৰ তুলনাত আজি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ৩ হাজাৰ গৰাকী কম হৈছে।

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫০,১২৯ গৰাকী লোক। ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৫৭৮ গৰাকী।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৮ লাখৰ ঘৰ।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৭৮,৬৪,৮১১ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৬,৬৮,১৫৪ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,১৮,৫৩৪ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৭০,,৭৮,১২৩ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

দেশৰ কেইখনমান ৰাজ্যত ক’ৰ’ণাৰ সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।