NORTHEAST NOW (Assamese)
অসম

জিএমচিএইচৰ চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মীক ধন্যবাদ জ্ঞাপন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 5:13 pm

দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা ঘৰলৈ উভতি অহা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মীসকলক তেওঁক কৰা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

৮৫ বছৰীয়া জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে লগতে কয় যে, তেওঁ নিজ গৃহত চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰোগ্য হোৱাৰ বাবে চেষ্টা কৰিব।

‘‘মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসক, নাৰ্ছ, ষ্টাফকে ধৰি যিসকলে বিগত দুমাহ ধৰি মোৰ যত্ন ৰাখিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। মই এতিয়া নিজ গৃহত চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰোগ্য হোৱাৰ বাবে যত্ন কৰিম,’’ তৰুণ গগৈয়ে টুইটাৰত এইদৰে লিখে।

উল্লেখযোগ্য যে, কোভিড আক্ৰান্ত হোৱা তৰুণ গগৈয়ে কোভিডৰ পৰা আৰোগ্য হৈ উঠাৰ পাছত কোভিড সৃষ্ট আনুসংগিক জটিলতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।

ক’ৰ’নাৰ পৰীক্ষাত প’জিটিভ পোৱাৰ পাছত অসমৰ তিনিবাৰৰ মুখ্য মন্ত্ৰী তৰুণ গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ২৬ আগষ্টত ভৰ্তি কৰোৱা হৈছিল।

২৪ ছেপ্তেম্বৰত শাৰীৰিক অৱস্থাৰ কিছু অৱনতি ঘটাত গগৈক আই চি য়ুত ভৰ্তি কৰোৱা হয় য’ত তেওঁক প্লাজমা থেৰাপি আৰু অক্সিজেন দিয়া হয়।

পৰৱৰ্তী সময়ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সহযোগত তৰুণ গগৈ ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে।