NORTHEAST NOW (Assamese)
অসম

বিৰাট কোহলীৰ ফিটনেছক উচ্চ প্ৰশংসা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক শ্বন পোলকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 8:05 pm
555_1568826771_618x347

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা বেগী বলাৰ শ্ব’ন পোলক।

বিৰাট কোহলীৰ ফিটনেছ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি পোলকে কয় যে, যিসময়ত দলৰ অন্য খেলুৱৈ সকলে বিজয় উৎসৱ পালন কৰি থাকে সেই সময়ত কোহলীয়ে জিমলৈ গৈ ফিটনেছৰ ওপৰত গুৰুত্ব দিয়ে।

পোলকে কোহলীৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীকে প্ৰশংসা কৰে।

‘‘মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় দললৈ ক্ৰমাগতভাৱে বিজয়ী হোৱাৰ শৈলী লৈ আহিছিল আৰু কোহলীয়ে ইয়াক অন্য এটা স্তৰলৈ লৈ গ’ল,’’ পোলকে এইদৰে কয়।

উল্লেখযোগ্য যে, পোলকৰ পূৰ্বেও অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পইণ্টিং, ইংলেণ্ডৰ কেভিন পিটাৰছেন, ৱেষ্ট ইণ্ডিজৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ব্ৰাইন লাৰায়ো কোহলীৰ ফিটনেছৰ প্ৰশংসা কৰিছিল।