NORTHEAST NOW (Assamese)
অসম

বিতর্কৰ মাজতে ফেচবুক ইণ্ডিয়াৰ নীতি নিৰ্ধাৰক সমিতিৰ মুৰব্বী আঁখি দাসৰ পদত্যাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 3:16 pm
ankhi

ফেচবুকত নিযুক্তি লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা বিষয়া আঁখি দাসে ফেচবুক ইণ্ডিয়াৰ নীতি নিৰ্ধাৰক সমিতিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছে।

আজি দাসৰ পদত্যাগৰ কথা ৰাজহুৱা কৰে ফেচবুক ইণ্ডিয়াৰ বিজনেছ শাখাৰ মুৰব্বী অজিত মোহনে।

মোহনে কয় যে ভাৰতত ফেচবুকৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আঁখি দাসৰ ভূমিকা অতুসনীয় আছিল।

উল্লেখ্য চলিত বৰ্ষৰ আগষ্ট মাহত আঁখি দাস সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল।

২০১৪ৰ নিৰ্বাচনত বিজেপিৰ একাংশ নেতাই ৰাজহুৱাকৈ কৰা ঘৃণা ভৰা মন্তব্য ফেচবুকৰ পৰা উদ্দেশ্যপ্ৰণোদিত ভাবে আঁখি দাসে ডিলিট নকৰা বুলি বাতৰি পৰিৱেশন কৰিছিল আমেৰিকাৰ পৰা প্ৰকাশিত কাকত ৱালষ্ট্ৰীট জাৰ্নেলে।

ইয়াৰ পিছতে নিৰ্বাচনত বিজেপিক সহায় কৰা ফেচবুক ইণ্ডিয়াৰ নীতি নিৰ্ধাৰক সমিতিৰ মুৰব্বী আঁখি দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিৰোধী।

ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মাধ্যম ফেচবুকে নিৰ্বাচনত বিজেপিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী জনাইছিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।

আমেৰিকাৰ পৰা প্ৰকাশিত ৱালষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনৰ আধাৰত ৰাহুল গান্ধীয়ে কৈছিল যে সংবাদপত্ৰ খনত স্পষ্ট ভাবে কোৱা হৈছে যে নিৰ্বাচনৰ সময়ত বিজেপিক সহায় কৰাৰ লক্ষ্যৰেই ফেচবুক ইণ্ডিয়াই ফেচবুকৰ পৰা বিজেপি নেতাৰ ঘৃণা বিয়পাই দিব পৰা বক্তব্য আঁতৰাই পেলোৱা নাছিল।

আমেৰিকাৰ সংবাদ মাধ্যমে কৰা এনে অভিযোগ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কৈছিল যে ভাৰতত ফেচবুক আৰু ৱাটছএপক বিজেপি তথা আৰএছএছে নিয়ন্ত্ৰণ কৰি আহিছে।

এয়া ভয়াৱহ কথা বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টো যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰিছিল ৰাহুলে আৰু সেইমতে সংসদীয় সমিতি গঠনো কৰা হৈছিল।

অভিযোগ অনুসৰি  ফেচবুক ইণ্ডিয়াৰ দায়িত্বত থকা আঁখি দাসে নিৰ্বাচনৰ সময়ত বিজেপি নেতাই কৰা ঘৃণা ভৰা মন্তব্য বোৰ ফেচবুকৰ পৰা আঁতৰাই নেপেলাবলৈ তলতীয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিছিল।

তেওঁ ফেচবুকৰ নীতি উলংঘা কৰি আৰএছএছ-বিজেপিৰ নিৰ্দেশতে তেনে কৰা বুলি ৰাহুলে অভিযোগ কৰিছিল।