NORTHEAST NOW (Assamese)
অসম

মিঞা মিউজিয়াম নহয় ,এইবাৰ শিৱসাগৰত নিৰ্মাণ হব বিশ্বমানৰ মিউজিয়াম

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 29, 2020 2:22 pm
20201029_140004

শিৱসাগৰবাসীলৈ এটি ভাল খবৰ। শিৱসাগৰৰ ঐতিহাসিক ৰূপহী পথাৰত নিৰ্মাণ হব বিশ্বমানৰ  মিউজিয়াম।

বৰ্তমান অসমত মিঞা মিউজিয়ামক লৈ তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে আজি শিৱসাগৰত বিশ্বমানৰ এক মিউজিয়াম নিৰ্মাণৰ বাবে পুৰাতত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ মন্ত্ৰী যোগেন মহন, শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত শিৱসাগৰ জিলা প্ৰশাসনে ৰূপহী পথাৰত ১৫ বিঘা মাটি হস্তান্তৰ কৰে পূৰাতত্ব বিভাগক।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচটা স্থানক  আইকনিক চিটি হিচাপে ঘোষণা কৰিছিল আৰু তাৰ ভিতৰত শিৱসাগৰ জিলাও আছিল। কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাসী আঁচনিৰ অধীনত শিৱসাগৰত এক বিশ্বমানৰ মিউজিয়ামৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়।

আহোম ৰাজত্ব কালৰ বহু পৌৰাণিক সমলৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐতিহাসিক সম্পদেৰে সজাই তোলা হব এই বিশ্বমানৰ মিউজিয়ামটোত।

অতিশীঘ্ৰে বিশ্বমানৰ এই মিউজিয়ামৰ ডিপিআৰ প্ৰস্তুত কৰি কাম আৰম্ভ কৰা হব বুলি জানিবলৈ দিয়ে পূৰাতত্ব বিভাগে।