NORTHEAST NOW (Assamese)
অসম

লণ্ডনৰ প্ৰেয়সীৰ সৈতে ৬৫ বছৰ বয়সত পুনৰ বিবাহ পাশত আৱদ্ধ হ’ল জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2020 4:05 pm

জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে বুধবাৰে ৬৫ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয়।

চালভে লণ্ডনৰ বাসিন্দা শিল্পী ৫৬ বছৰীয়া কেৰোলিনা ব্ৰোচ্চাৰ্ডৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

বুধবাৰে জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে গীৰ্জাত অনুষ্ঠিত হোৱা এক অনুষ্ঠুপীয়া অনুষ্ঠানত ব্ৰোচ্চাৰ্ডৰ সৈতে নতুন যুগ্মজীৱনৰ পাতনি মেলে।

৬৫ বছৰীয়া অধিবক্তা গৰাকীয়ে অলপতে তেওঁ বেপ্তিষ্ট খ্ৰীষ্টিয়ান বুলি প্ৰকাশ কৰে আৰু দুবছৰৰ পৰা তেওঁ নিয়মীয়াভাৱে গীৰ্জালৈ আহি আছে বুলিও কয়।

চলিত বৰ্ষতে চালভে তেওঁৰ প্ৰথম পত্নী মিনাক্ষী চালভেক বিবাহ বিচ্চেদ দিছিল।

মিনাক্ষী চালভেৰ সৈতে বিবাহ বিচ্চেদৰ পাছতে লণ্ডনৰ বিভিন্ন অনুষ্ঠানত ব্ৰোচ্চাৰ্ডৰ সৈতে একেলগে দেখা গৈছিল জ্যেষ্ঠঅধিবক্তা গৰাকীক।

দুয়ো নাটক, বিভিন্ন সংগীতৰ অনুষ্ঠানৰ লগতে চিত্ৰ প্ৰদৰ্শনীৰ প্ৰতিও আগ্ৰহী বুলি চালভে সদৰী কৰে।

লণ্ডণত চলি থকা কোভিড প্ৰট’কলৰ বাবে দুয়ো নিজৰ বিবাহ অনুষ্ঠানলৈ অধিক সংখ্যক আত্মীয়ক নিমন্ত্ৰণ দিব নোৱাৰিলে বুলিও লগতে কয়।

দেশৰ জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে বিভিন্ন আদালতত ভালেসংখ্যক উল্লেখযোগ্য গোচৰত ওকালতি কৰিছে।