NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ তিনিজন কৰ্মীক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 8:14 am

ভাৰতীয় জনতা পাৰ্টীৰ তিনিগৰাকীকৈ কৰ্মীক বৃহস্পতিবাৰে বিয়লি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই নৃশংস ঘটনাটো সংঘটিত হৈছে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ কাজিগাণ্ডৰ ৱাই কে পৰা অঞ্চলত।

বিজেপি কৰ্মী তিনিজনক অচিনাক্ত বন্দুকধাৰীয়ে গুলিওৱাৰ পিছতে তেওঁলোকক হাস্পতাললৈ লৈ যোৱা হয় যদিও তাত তেওঁলোকৰ মৃত্যু হয়।

লস্কৰ-ই-তৈবায়ে এই নৃশংস ঘটনাটো সংঘটিত কৰা বুলি দাবী কৰে।

মৃত বিজেপি কৰ্মীকেইজনৰ দুজন হৈছে ৱাই কে পৰা কাজিগাণ্ডৰ কৰ্মে কুলগাম যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ফিদা হুছেইন ইটো আৰু ওমৰ হাজ্জাম। আনগৰাকী কাজিগাণ্ডৰ চপাত অঞ্চলৰ হাৰুন বীঘ বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ তীব্ৰ গৰিহনা জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুলাই।

আব্দুল্লাই এটা টুইটত কয়, ‘দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ খবৰটো অতি ভয়ানক। মই এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে মৃত বিজেপি কৰ্মী কেইজনৰ আত্মাৰ শান্তি বিচাৰিছো’।